অসম মাধ্যমিক শিক্ষা পৰিষদৰ (ছেবা) ৰ দ্বাৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৫-ৰ বাবে নতুন নিৰ্দেশনা

"কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিক্স" (Artificial Intelligence and Robotics) ৰ দৰে নতুন বৈকল্পিক বিষয়ৰ প্ৰৱৰ্তন

অসম মাধ্যমিক শিক্ষা পৰিষদে শেহতীয়াকৈ ২০২৫ চনত অনুষ্ঠিত হ’ব লগা হাইস্কুল শিক্ষান্ত (এইচ.এছ.এল.চি.) পৰীক্ষাৰ বাবে এক নতুন নিৰ্দেশনা প্ৰবৰ্তন কৰিছে। এই নিৰ্দেশনাৰ দ্বাৰা পৰীক্ষা প্ৰক্ৰিয়া উন্নত কৰা আৰু ইয়াক সমসাময়িক শৈক্ষিক মানদণ্ডৰ সৈতে সংগতি ৰখা প্ৰতি লক্ষ্য ৰখা হৈছে। এই নিৰ্দেশনাৱলীৰ মুখ্য দিশসমূহ হৈছে:

একাধিক প্ৰশ্নকাকত (Multiple Question Paper): পৰবৰ্তী হাইস্কুল শিক্ষান্ত পৰীক্ষাত চাৰিটা ছেটত (এ, বি, চি, আৰু ডি) লেবেল থকা প্ৰশ্নকাকত থাকিব আৰু সকলো অ'এম.আৰ. ফৰ্মেটত থাকিব।

নতুন বৈকল্পিক বিষয়ৰ পৰিচয়: (Introduction of Elective Subject:) এই শিক্ষাবৰ্ষৰ পৰা নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে প্ৰযুক্তিৰ গুৰুত্বতাৰ ওপৰত ভিত্তি কৰি "কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিক্স" (Artificial Intelligence and Robotics) নামৰ এটা নতুন বৈকল্পিক বিষয় প্ৰৱৰ্তন কৰা হ'ব।

পৃথক উত্তীৰ্ণৰ চৰ্ত: শিক্ষাৰ্থীসকলে পৃথকে মাল্টিপল চইচ প্ৰশ্ন (Multiple Choice Questions-এমচিকিউ) আৰু বৰ্ণনামূলক প্ৰশ্ন (Descriptive Questions) শাখা দুয়োটাতে উত্তীৰ্ণ হোৱা নম্বৰ প্ৰাপ্ত কৰিব লাগিব।

ব্যৱহাৰিক পৰীক্ষা: সকলো বিষয়ৰ বাবে ব্যৱহাৰিক পৰীক্ষা জিলা পৰ্যায়ৰ আভ্যন্তৰীণ পৰীক্ষা সমিতিয়ে তত্বাৱধান কৰিব।

বিজ্ঞান আৰু গণিতত ধাৰণা-আধাৰিত প্ৰশ্নConcept-Based Questions in Science and Mathematics:): বিজ্ঞান আৰু গণিতৰ কাকতত ধাৰণা-আধাৰিত প্ৰশ্ন থাকিব, যি পাঠ্যপুথিৰ সমলৰ সৈতে পোনপটীয়াকৈ সম্পৰ্কিত নহ'ব পাৰে। উদাহৰণ আৰু প্ৰসংগৰ লগতে গণনাক অন্তৰ্ভুক্ত কৰি ধাৰণাসমূহ বুজা আৰু ইয়াৰ প্ৰয়োগ মূল্যাঙ্কন কৰা হ’ব।

প্ৰশ্নৰ আৰ্হিৰ সংশোধন: ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০-ত উল্লেখ কৰা নিৰ্দেশনাসমূহ পালন কৰিবলৈ বৃত্তিমূলক বিষয়কে ধৰি সকলো বিষয়ৰ বাবে প্ৰশ্নৰ আৰ্হি পুনৰ নিৰ্মাণ কৰা হ'ব।

 

ছেবাই এই সাল-সলনিসমূহৰ দ্বাৰা পৰীক্ষা প্ৰণালীক আধুনিকীকৰণ আৰু শিক্ষাৰ্থীসকলৰ বাবে সামগ্ৰিক শিকণ অভিজ্ঞতা বৃদ্ধি কৰাৰ প্ৰচেষ্টা হাতত লৈছে। এনে পদক্ষেপসমূহৰ দ্বাৰা শিক্ষাৰ্থীসকল ভৱিষ্যতৰ প্ৰত্যাহ্বান আৰু সুযোগৰ বাবে উপযুক্তভাৱে প্ৰস্তুত হোৱাৰ আশা কৰা হৈছে।