আপুনি জানিবলগীয়া কথা: ক’ভিড-19 ভেকচিন লোৱাৰ পূৰ্বে, লোৱাৰ সময়ত আৰু লোৱাৰ পিছত আপোনাৰ কৰণীয়

Photo: Boat Clinic, Jorhat, Assam

বিশ্বৰ কোটী কোটী লোকক এতিয়া সুৰক্ষিতভাৱে ক’ভিড-19-ৰ ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ফলত আমি সকলোৱে নিজকে সুৰক্ষিত অনুভৱ কৰাৰ লগতে, আমি আমাৰ পৰিয়াল আৰু আমাৰ আদৰৰ লোকসকলৰ  সৈতে আমাৰ দৈনন্দিন জীৱন আগুৱাই লৈ যাব পাৰিছো। বহুতো লোকে হয়তো এতিয়াও ক’ভিড-19 ৰ ভেকচিন গ্ৰহণ কৰিব পৰা নাই। কিন্তু, তেঁওলোকে ভেকচিন গ্ৰহণৰ বাবে এতিয়া আশাৰে বাট চাই ৰৈছে। ইয়াৰ লগে লগে তেঁওলোকৰ মনত হয়তো বহুতো প্ৰশ্ন আহিছে।  সেই প্ৰশ্নবিলাকৰ ভিতৰত, ভেকচিন ক’ত পাব, কেনেদৰে ল’ব লাগিব, লোৱাৰ আগতে বা পিছত কিবা নিয়ম মানি চলিব লাগিব নেকি? এনে বহু প্ৰশ্ন হয়তো আপোনাৰ মনত আহিব পাৰে বা অহাটো স্বাভাৱিক।

আপোনাৰ মনত উদয় হোৱা এনে প্ৰশ্নবিলাকৰ কিছুমান উচিত পৰামৰ্শ  আপোনাৰ বাবে ভাৰতৰ স্বাস্থ্য মন্ত্ৰালয় আৰু ইউনিচেফৰ দ্বাৰা প্ৰকাশ কৰা তথ্যসমূহৰ আধাৰত লৈ আহিছো।

ভিড-19 ৰ ভেকচিন লবলৈ যোৱাৰ পূৰ্বে

অনলাইনত ক’ভিড ভেকচিনৰ সম্পৰ্কে বিভিন্ন ভুল বা ভুৱা তথ্য প্ৰচলন হৈ আহিছে। গতিকে, ভেকচিনৰ সম্পৰ্কে জানিব বিচৰা যিকোনো তথ্যৰ সম্পৰ্কে সদায়ে ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসম, ইউনিচেফ আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ দৰে বিশ্বাসযোগ্য উৎসৰ পৰা প্ৰাপ্ত কৰাটো অতি গুৰুত্বপূৰ্ণ। যদি আপুনি ক’ভিড-19 ভেকচিন লাভ কৰিব নে নকৰে, সেই বিষয়ে আপোনাৰ কোনো প্ৰশ্ন আছে। তেনেহ’লে, আপোনাৰ চিকিৎসকৰ সৈতে কথা পাতক নতুবা স্বাস্থ্য মন্ত্ৰালয়ৰ হেল্প লাইন নম্বৰ 1075 নম্বৰলৈ কল কৰক।

বৰ্তমানলৈকে ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা বিভিন্ন নিৰ্দেশনাৱলী অনুসৰি:

ভাৰতত ১৮ বছৰৰ তলৰ লোকসকলক ক’ভিড ভেকচিন প্ৰদান কৰা হোৱা নাই। যদি আপুনি বৰ্তমান অসুস্থ বা ক’ভিড-19-ৰ লক্ষণ অনুভৱ কৰিছে, তেতিয়া আপোনাক ক’ভিড-19 ৰ ভেকচিন প্ৰদান কৰা নহয়।   

অৱশ্যে, আপুনি ক’ভিড-19 ৰ পৰা আৰোগ্য হোৱাৰ পিছত আৰু আপোনাৰ চিকিৎসকে অনুমোদন জনোৱাৰ পিছত আপুনি ক’ভিড ভেকচিন গ্ৰহণ কৰিব পাৰে।

আপোনাৰ চিকিৎসকৰ সৈতে কথা পাতক। যদি আপুনি পূৰ্বতে কোনো এলাৰ্জিজনিত সমস্যাত (allergy issue) ভুগি আছে বা আপুনি বৰ্তমান কোনো ৰোগৰ বাবে খাই থকা ঔষধৰ বিষয়ে আপোনাৰ কোনো প্ৰশ্ন আছে। তেন্তে, আপুনি ভেকচিন লোৱাৰ পূৰ্বে আপোনাৰ চিকিৎসক বা স্বাস্থ্য সেৱা প্ৰদানকাৰীৰ সৈতে আলোচনা কৰক।

শেহতীয়াকৈ, এলাৰ্জীৰ সন্দৰ্ভত সোধা এটা প্ৰশ্নত নিটী আয়োগৰ ড. ভি.কে প’লে জনাইছে যে যদি কোনো লোকৰ গুৰুতৰ এলাৰ্জীৰ সমস্যা আছে। তেনেহ’লে ভেকচিন লোৱাৰ পূৰ্বে চিকিৎসকৰ সৈতে কথা পতা আৱশ্যক। ইয়াৰ লগতে তেঁও জনাই যে, যদি লোকজনৰ সাধাৰণ এলাৰ্জীৰ সমস্যা আছে। তেন্তে, বিনাদ্বিধাই ভেকচিন গ্ৰহণ কৰিব পাৰে।

এইমছৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াই মত পোষণ কৰে যে যদি এজন লোকে এলাৰ্জিৰ ঔষধ গ্ৰহণ কৰি আছে। তেন্তে ভেকচিন লোৱাৰ পিছত ঔষধ অব্যাহত ৰাখিব লাগে। যদি টিকাকৰণৰ পিছত কোনো এলাৰ্জিক প্ৰতিক্ৰিয়া হয়। তেনেহ’লে, ইয়াক টিকাকৰণ কেন্দ্ৰৰ চিকিৎসকসকলক জনাব লাগে।

ৰেডিঅ’ ব্ৰহ্মপুত্ৰৰ ফালৰ পৰা অসম মেডিকেল কলেজৰ কমিউনিটি মেডিচিন বিভাগৰ বিভাগীয় মুৰব্বী ড. তুলিকা গোস্বামী মহন্তৰ সৈতে হোৱা কথা-বাৰ্তাত ড. মহন্তই জনাই যে প্ৰতিটো টীকাকৰণ কেন্দ্ৰত এগৰাকীকৈ চিকিৎসকৰ তত্বাবধানত থাকে। কোনো লোকৰ এলাৰ্জী বা অন্যান্য কোনো অসুখত ভুগি থাকে, তেনেহ’লে চিকিৎসকে প্ৰদান কৰা পেচক্ৰিপশ্বন লৈ টীকাকৰণ কেন্দ্ৰত উপস্থিত হ’ব লাগে আৰু কেন্দ্ৰৰ চিকিৎসকৰ পৰামৰ্শ অনুসৰি ভেকচিন গ্ৰহণ কৰিব লাগে। ভেকচিন গ্ৰহণ কৰা লোকজনৰ যদি কোনো টীকাকৰণৰ পিছত স্বাস্থ্যত অৱনতি ঘটে। তেতিয়া লগে লগে ইয়াৰ চিকিৎসাৰ ব্যৱস্থা কৰা হয়।

আপোনাৰ থকা স্থানৰ নিকটবৰ্তী কোন স্থানত ভেকচিন দিয়া হৈছে, কোন তাৰিখ বা কোন বাৰত, কিমান সময়ৰ পৰা কিমান সময়লৈকে ভেকচিন দিয়া হ’ব। কোনটো ভেকচিনৰ কোনটো পালি প্ৰদান কৰা হ’ব। তাৰ তথ্যখিনি ভালদৰে জানি লওক। নতুবা, আপোনাৰ অঞ্চলৰ আশা, অঙ্গনবাড়ী বা অন্যান্য স্বাস্থ্যকৰ্মীৰ পৰা কথা জানিবলৈ চেষ্টা কৰক।

নিজা প্ৰস্তুতি। ভেকচিন ল’বলৈ যোৱাৰ আগতে ভালদৰে বিশ্ৰাম লওক আৰু নিজকে হাইড্ৰেট কৰি ৰাখক, যাতে দিনটোত আপুনি নিজকে সতেজ কৰি ৰাখিব পাৰে।

ভেকচিন লোৱাৰ সময়ত

ভেকচিন ল’বলৈ যোৱাৰ পূৰ্বে ক’ভিড স্বাস্থ্যবিধি মানি চলিবৰ পৰাকৈ আপোনাৰ হাতত মাস্ক, চেনিটাইজাৰ থকাটো নিশ্চিত কৰি লওক। ঘৰৰ পৰা ভেকচিন কেন্দ্ৰলৈ যোৱাৰ আগতে মাস্ক আৰু চেনিটাইজাৰৰ লগতে খোৱা পানীৰ বটল এটা লগত নিবলৈ নাপাহৰিব। ভেকচিন কেন্দ্ৰত শাৰীৰিক দুৰত্ব পালন কৰি আৰু মাস্ক পৰিধান কৰি আপোনাৰ সময় অহালৈ অপেক্ষা কৰক।

যোগাযোগ কৰক। ভেকচিন কেন্দ্ৰত উপস্থিত থকা চিকিৎসকজনক আপোনাৰ যদি কোনো ৰোগ আছে বা এলাৰ্জীজনিত কোনো সমস্যা আছে বা আপুনি কোনো ৰোগৰ ঔষধ খাই আছে। সেই বিষয়ে, সবিশেষ জনাওক।

আপোনাৰ ৰেকৰ্ড ৰাখক ভেকচিন লোৱাৰ পিছত, আপুনি পঞ্জীয়ন কৰা ফোন নম্বৰত ক’ভিড-19 ভেকচিন গ্ৰহণৰ প্ৰমাণপত্ৰ ডাউনলোড কৰিবলৈ এটা লিংক লাভ কৰিব। সেই লিংকটোলৈ গৈ আপুনি প্ৰমাণপত্ৰখন ডাউনলোড কৰিব পাৰিব। সেই প্ৰমাণপত্ৰখনতে আপুনি কোনটো ভেকচিনৰ কোন পালি লাভ কৰিলে আৰু পৰবৰ্তী পালি আপুনি কেতিয়াকৈ ল’ব লাগিব (যদি আপুনি প্ৰথম পালি ভেকচিন লৈছে)। ইয়াৰ সবিশেষ উল্লেখ কৰা থাকিব।  এই প্ৰমাণপত্ৰখন ভৱিষ্যতে আপোনাক প্ৰয়োজন হ’ব আৰু ইয়াক ভালদৰে নিজৰ ওচৰত ৰখাটো নিশ্চিত কৰক।

ভেকচিন কাৰ্ডখনৰ সৈতে আপোনাৰ চেলফি সামাজিক মাধ্যমত প্ৰকাশ কৰাৰ পৰা বিৰত থাকক। এনে কৰিলে আপুনি ভেকচিন প্ৰমাণপত্ৰত থকা আপোনাৰ ব্যক্তিগত তথ্য স্কেমাৰে ব্যৱহাৰ কৰি, আপোনাক বিপদত পেলাব পাৰে।

ভেকচিন লোৱাৰ পিছত নিৰীক্ষণৰ বাবে অপেক্ষা কৰক ভেকচিন লোৱাৰ পিছত, আপোনাৰ কোনো তাৎক্ষণিক পাৰ্শ্বক্ৰিয়া বা কোনো প্ৰতিক্ৰিয়া হৈছে নেকি, তাক নিৰীক্ষণ কৰিবৰ বাবে স্বাস্থ্য সেৱা প্ৰদানকাৰীয়ে আপোনাক প্ৰায় ৩০ মিনিট পৰ্যন্ত পৰ্যবেক্ষণৰ বাবে ৰাখিব। অৱশ্যে, গুৰুতৰ স্বাস্থ্যজনিত কোনো পাৰ্শ্বক্ৰিয়া সৃষ্টি হোৱাটো অতি বিৰল।

কিছুমান পাৰ্শ্বক্ৰিয়াৰ বাবে সাজু থাকক। ৰোগটো হোৱাৰ পূৰ্বেই, আপোনাক যাতে ৰোগটোৰ পৰা হ’ব পৰা, বিপদৰ পৰা ৰক্ষা কৰিবলৈ আপোনাৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা প্ৰদান কৰাৰ বাবে ভেকচিন প্ৰদান কৰা হৈছে। অৱশ্যে, পাৰ্শ্বক্ৰিয়া অবিহনেও মানুহৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি উঠাটোও স্বাভাৱিক কথা। বহু লোকৰ ক্ষেত্ৰত ভেকচিন লোৱাৰ পিছত শৰীৰত মৃদুৰ পৰা মধ্যমীয়া পাৰ্শ্বক্ৰিয়া অনুভৱ কৰাটোও সচৰাচৰ দেখা পোৱা যায় আৰু কম সময়ৰ ভিতৰতে এই পাৰ্শ্বক্ৰিয়াসমূহ নিজে নিজে উপশম ঘটে।

টিকাকৰণৰ পিছত আপুনি অনুভৱ কৰিব পৰা কিছুমান মৃদুৰ পৰা মধ্যমীয়া পাৰ্শ্বক্ৰিয়াৰ ভিতৰত আছে:

  • বেজী দিয়া স্থানত বাহুৰ বিষ
  • মৃদু জ্বৰ
  • ভাগৰ লগা
  • মুৰৰ বিষ
  • পেশী বা গাঁঠিৰ বিষ
  • ঠাণ্ডা লগা
  • ডায়েৰিয়া

যদি ভেকচিন লোৱাৰ পিছত এনে কোনো লক্ষণ কেইদিনমানতকৈ অধিক সময় ধৰি অব্যাহত থাকে বা যদি আপুনি ইয়াক অধিক তীব্ৰতাৰে অনুভৱ কৰে, তেনেহ’লে লগে লগে আপোনাৰ স্বাস্থ্য সেৱা প্ৰদানকাৰীৰ সৈতে যোগাযোগ কৰক।

ক’ভিড ভেকচিনৰ সাধাৰণ পাৰ্শ্বক্ৰিয়া (Common Side Effect) সমূহৰ বিষয়ে অধিক জানিবলৈ ইয়াত ক্লিক কৰক

ধৈৰ্য্য ধৰক। কোনো এটা ৰোগৰ বিৰুদ্ধে আমাৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়লৈ উঠিবলৈ সময় লাগে। ফাইজাৰ-বায়োটেক বা মডাৰ্ণা ক’ভিড-19 ভেকচিনৰ আপোনাৰ দ্বিতীয় পালিৰ দুসপ্তাহ পিছত, এষ্ট্ৰজেনিকা ভেকচিনৰ আপোনাৰ দ্বিতীয় পালিৰ ১৫ দিন পিছত বা একক পালিৰ জে এণ্ড জে/জেনচেন ক’ভিড-19 ভেকছিনৰ দুসপ্তাহ পিছত আপোনাক সম্পূৰ্ণ টিকাকৰণ কৰা বুলি বিবেচনা কৰা হ’ব।

নিজকে আৰু আনক সুৰক্ষিত ৰাখিব। ক’ভিড-19 ৰ ভেকচিনে, বিভিন্ন গুৰুতৰ ৰোগত ভুগি থকা লোকসকলৰ ক্ষেত্ৰতো যথেষ্ট কাৰ্যকৰী বুলি বিভিন্ন গৱেষণাৰ পৰা জানিব পৰা গৈছে। তথাপিতো, ইয়াৰ কাৰ্যকাৰীতাৰ ওপৰত বিভিন্ন গৱেষণা এতিয়াও বিভিন্ন স্তৰত চলি আছে। সেইবাবে ভেকচিন প্ৰথম পালি বা দ্বিতীয় পালি লোৱাৰ পিছতো, কভিড স্বাস্থ্য বিধি মানি চলিবলৈ কোৱা হৈছে।

শেহতীয়াকৈ স্বাস্থ্য মন্ত্ৰালয়ৰ ৱেবচাইটত আপলোড কৰা এটা ভিডিঅ’ত এইমচৰ পৰিচালন সঞ্চালক ড. ৰণডীপ গুলেৰিয়াই জনাই যে ভেকচিনৰ দ্বিতীয় পালি লোৱাৰ দুসপ্তাহৰ পিছত সাধাৰণতে এণ্টিবডীৰ সুৰক্ষামূলক স্তৰ বিকশিত হয়। ইয়াৰ লগতে চেৰাম ইনষ্টিটিউটৰ FAQ পৃষ্ঠাত উল্লেখ কৰা হৈছে যে “কিমান দিনলৈকে COVISHIELD প্ৰতিষেধকে মানুহ এজনক কভিড-19 ৰ পৰা ৰক্ষা কৰিব। তাৰ ওপৰত বৰ্তমানলৈকে কোনো অধ্যয়ন কৰা হোৱা নাই। গতিকে, ভেকচিনৰ প্ৰথম পালি বা দ্বিতীয় পালি লোৱাৰ পিছতো ক’ভিড স্বাস্থ্যবিধি মানি চলাটো অতি প্ৰয়োজন সেয়েহে, নিজকে আৰু আনক সুৰক্ষিত কৰাৰ বাবে সুৰক্ষা সতৰ্কতা অৱলম্বন কৰাটো গুৰুত্বপূৰ্ণ। এগৰাকী সচেতন নাগৰিক হিচাপে ভিৰ কৰা স্থান পৰিহাৰ কৰক, শাৰীৰিক দূৰত্ব, হাত ধোৱা আৰু মাস্ক পিন্ধাৰ দৰে কাৰ্যসমূহ পালন কৰি যাওক।

ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ৰ দ্বাৰা ক’ভিড ভেকচিনৰ সম্পৰ্কত প্ৰকাশ কৰা কিছুমান সঘনাই সোধা প্ৰশ্ন (FAQ) বিষয়ে জানিবলৈ ইয়াত ক্লিক কৰক

সামৰণি

ভেকচিন লোৱাৰ সময়ত আপোনাৰ উদ্বিগ্নতা আৰু উদ্বেগ দূৰ কৰিবলৈ চেষ্টা কৰক। আপোনাৰ টিকাকৰণৰ প্ৰমাণপত্ৰ সংগ্ৰহ কৰক নতুবা Co-Win ছাইটৰ পৰা ডাউনলোড কৰক। দায়িত্বশীল নাগৰিক হওক আৰু আপোনাৰ পাল আহিলে ভেকচিন লওক।

যদিও আপুনি ক’ভিড-19 ভেকচিনৰ দুয়োটা পালি লৈছে। ইয়াৰ পিছতো  প্ৰতিৰোধমূলক ব্যৱস্থাসমূহ মানি চলক। মনত ৰাখিব যে টিকাকৰণে সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতা নিশ্চিত নকৰে। সেয়েহে মাস্ক পিন্ধা আৰু আত্ম-সুৰক্ষাৰ বাবে সুৰক্ষিত পৰিচ্ছন্নতা পদ্ধতি অনুসৰণ কৰক আৰু ভাইৰাছ সংক্ৰমণ প্ৰতিহত কৰক। সূচী অনুসৰি দুয়োটা পালি গ্ৰহণ কৰক আৰু আন লোকক টিকাকৰণ কৰিবলৈ উৎসাহিত কৰক। সুৰক্ষিত থাকক, শক্তিশালী হৈ থাকক!

বি.দ্ৰ: এই লেখাটিত উল্লেখ কৰা তথ্যসমূহ কেৱল সজাগতাৰ উদ্দেশ্য প্ৰকাশ কৰা হৈছে। ইয়াক চিকিৎসাৰ বিকল্প ৰূপে প্ৰকাশ কৰা হোৱা নাই। যিকোনো ক’ভিড চিকিৎসা বা ভেকচিনৰ সম্পৰ্কে অধিক জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক।

লেখাটো আপোনাৰ বাবে ভাস্কৰ জ্যোতি ভুঞাৰ দ্বাৰা যুগুতাই অনা হৈছে।

 

Leave a Reply

Your email address will not be published.