দুখীয়াৰ উপায়বিহীন জীৱন

ইতিহাস প্ৰসিদ্ধ শিৱসাগৰ জিলাৰ ৰাজমাই চাহ-বাগিচাৰ অন্তৰ্গত 3 নং লাইনৰ ৰাধিকা মুণ্ডা আৰু চুৰেণ মুণ্ডাৰ একমাত্ৰ জীয়েক জয়ন্তী মুণ্ডা । জয়ন্তীৰ বয়্স এতিয়া 16 বছৰ । জয়ন্তীৰ প্ৰায়ে জ্বৰ আৰু কাঁহ হৈ থাকে । তাই প্ৰায়ে অসুখৰ কাৰণে বিচনাত পৰি থকাৰ কাৰণে, মাক্-দেউতাকে তাইক স্কুল আধাতে এৰাই দিলে । জয়ন্তী সপ্তম শ্ৰেণীলৈকে পঢ়ি এতিয়া ঘৰতে থাকে ।  মাকে গাঁৱৰে বুঢ়া মানুহ এজনৰ পৰা বনদৰব আনি বহুদিন খুৱালে । কিন্তু জয়ন্তীৰ বেমাৰ ভাল নহ’ল । ভাল হঁওক চাৰি আৰু বেছিহে হ’ল । একমাত্ৰ জীয়েকজনী বেমাৰত পৰি এনেদৰে বিচনাতে পৰি থকাৰ দৃশ্যটোৱে মাক-দেউতাকক ব্যথিত কৰি তুলিলে । মাকে উপায় নাপায় ভাল কবিৰাজ এজনৰ পৰা তাবিজ এটা আনি জয়ন্তীক পিন্ধিবলৈ দিলে – কিজানি জয়ন্তীৰ বেমাৰ ভাল হয়েই । কিন্তু জয়ন্তীৰ ৰাতি-ৰাতি জ্বৰ কাঁহ বেছিহে হ’বলৈ ধৰিলে । মাক-দেউতাকে বাগানৰ কাম খটি কৰি জয়ন্তীক অ’ত-ত’ত নি বেমাৰ ভাল কৰিব পৰা নাই । দিনৰ দিনটো বিচনাত পৰি থকা জয়ন্তীক এদিন বাগানৰ হস্পিতাললৈ লৈ গ’ল । ডাক্তৰে বেমাৰ ভাল হৈ যাব বুলি কৈ টেবলেট কেইটামান দিলে আৰু দিনে ৰাতিয়ে খালেই বেমাৰ ভাল হৈ যাব বুলি কৈ বিদায় দিলে । ডাক্টৰক সেৱা এটা কৰি জয়ন্তীৰ মাক-দেউতাক ঘৰমুৱা হ’ল । 

ডাক্টৰে দিয়া দৰব জয়ন্তীয়ে খাই শেষ কৰিলে, কিন্তু জয়ন্তীৰ গাৰ পৰা বেমাৰে ল’গ নেৰিলে । উপায়-নাপায় জয়ন্তীৰ মাক-দেউতাকে প্ৰায়ে টাউনলৈ যোৱা গাঁৱৰে মানুহ এজনক লগত লৈ জয়ন্তীক টাউনৰ হস্পিতাল এখনত ভৰ্তি কৰিলে । ডাক্টৰে জয়ন্তীক চেক-আপ কৰি গম পালে যে প্ৰকৃততে জয়ন্তী T.B. (যক্ষ্মা) ৰোগত ভুগি আছে । মাকহঁতে ডাক্টৰৰ পৰা কথাখিনি গম পাই, দুখত ভাগি পৰিলে । ডাক্টৰে মাকহঁতক ভালদৰে বুজাই দি দৰবখিনি সময়মতে খুৱাবলৈ ক’লে ।

 

জয়ন্তী এতিয়াও সৰহখিনি সময় বিচনাতেই পৰি থাকে, বিচনাত পৰি পৰি তাই এতিয়া লগৰ ছোৱালীকেইজনীৰ কথা ভাবে । যক্ষ্মা বেমাৰ হৈছে বুলি নজনাৰ আগলৈকে, তাঁহাতৰ ঘৰখন তাইৰ লগৰ ছোৱালীবিলাকেৰে ভৰি আছি । কিন্তু, যেতিয়াৰ পৰা তাই যক্ষ্মা বেমাৰ হৈছে বুলি তাইৰ লগৰ ছোৱালীবিলাকে গম পালে, তেতিয়াৰ পৰা তাই খবৰ ল’বলৈ কোনো নহা হ’ল । সেইবোৰ কথাই ভাবি থাকোতে থাকোতে বাহিৰত কাৰোবাৰ মাত শুনা পালে । “ঘৰত কোনোবা আছেনে ?” জয়ন্তীৰ মাতষাৰ শুনি ভাল লাগিল । তাইৰ লগৰ কোনোবা আহিছে বুলি – বিচনাখনৰ পৰা নামি উলাই যাবলৈ লওতেই – বাপেকে তাইক বাধা দিলে আৰু শুই থাকিবলৈ ক’লে ।কাৰণ সেইজন জয়ন্তীৰ লগৰ ছোৱালী নাছিল – আছিল জয়ন্তীৰ বেমাৰ দেখুৱাবলৈ বাপেকে পইচা ধাৰে লোৱা মানুহজন ।

এইদৰে এজন দুজন কৰি জয়ন্তীহঁতৰ ঘৰলৈ প্ৰায়ে মানুহ আহিবলৈ ধৰিলে । বাপেকে উপায় নাপায় কি কৰিম কি নকৰিম বুলি ভাবি গালে মুখে হাত দি য’তে-ত’তে বহি থকা জয়ন্তীয়ে দেখা পাইছে ।  বাপেকৰ এই অৱস্থা দেখি জয়ন্তীয়ে মাজে মাজে বাপেকক সোধে – বাপেকে মাথো কয় “তোৰ বেমাৰৰ খবৰ ল’বলৈ আহিছে।” বাপেকে ঘৰৰ কোনোৱে গম নোপোৱাকৈ পথাৰৰ দুবিঘা মাটি বেছি জয়ন্তীৰ চিকিত্ সাৰ বাবে ধাৰলৈ লোৱা পইচাখিনি ঘুৰাই দিলে। কিন্তু জয়ন্তীৰ বেমাৰ একে অৱস্থাতে থাকিল । জয়ন্তী শৰীৰ লাহে লাহে বেয়াৰ ফালে গতি কৰিলে । তাই শুকাই-খিনাই যাবলৈ ধৰিলে ।

মাক-দেউতাকৰ যেতিয়া ল’ৰা-ছোৱালী নাছিল, তেতিয়া ক’ত যে কি কৰা নাছিল । ল’ৰা-ছোৱালী বিচাৰি, কিমান ক’ত পূজা-পাতল কৰিও ল’ৰা-ছোৱালী বহু বছৰলৈকে পোৱা নছিল । বহু বছৰৰ পিছত জয়ন্তীৰ জন্ম হৈছিল । কিমান কষ্ট আৰু বেদনাৰ মাজেৰে পোৱা জয়ন্তীৰ আজিৰ এই অৱস্থা দেখি হিয়া ধাকুৰি কান্দিবৰ মন যায় । বাগানৰ মানুহ, গতিকে লোকৰ ওচৰত হাত পাতি কিমান পইচা বিচাৰিব । বিচাৰিলেও কোনেও সহায়ৰ হাত আগবঢ়াবলৈ নিবিচাৰে । উপায় নাই, বাগানৰ মানুহ, কাৰো হাতত তেনেকৈ টকা-পইচা মজুত নাথাকে । জয়ন্তীৰ শুকাই খিনাই যোৱা দেহাটোৰে দিনৰ দিনটো বিচনাত পৰি থকাৰ এই অৱস্থা দেখি মাক-দেউতাক গোটেই নিশা উজাগৰে কটাবলগীয়া হয় । কোনে বুজিব সেই অসহায় মাক-বাপেকহালৰ অৱস্থা, কোনে সহায় কৰিব তেঁওলোকক ।

জয়ন্তীৰ মাক-দেউতাক জয়ন্তীক লৈ খুব সুখী আছিল । কিন্তু, যেতিয়া নিজৰ সন্তান এটা অৰ্ধমৃত অৱস্থাত বিচনাত পৰি থাকে । তেতিয়া কোন মাক-বাপেক সুখত থাকিব পাৰিব । ইয়াতকৈ সন্তান নথকাই ভাল বুলি ভাবে ।

শেষত ইয়াকেই  ক’ব বিচাৰিছো, যে কেৱল উন্নত চিকিত্সাৰ অভাৱত কেৱল বাগান অঞ্চলৰ মানুহৰহে এনে হৈছে -সেইটো নহয় । অতি ভিতৰুৱা গাঁও অঞ্চলৰ মানুহবিলাকো এনেধৰণৰ বহুতো সমস্যাৰ সন্মুখীন হৈছে । অতি ভিতৰুৱা হোৱাৰ কাৰণে সময়মতে ডাক্টৰ আৰু যানবাহনৰ অভাৱত ঘৰতে মানুহ তিলতিলকৈ মৰিব লগা হৈছে । প্ৰায়খিনি খাটিখোৱা মানুহ, টকা-পইচাৰ অভাৱ, সময়মতে চিকিত্সকৰ ওচৰলৈ যাব নোৱাৰে । উন্নত চিকিত্সা এই মানুহবিলাকৰ বাবে অতি ব্যয়বহুল । গতিকে বাগিচাই হওক গাঁৱেই হওক, উন্নত চিকিত্সক আৰু চিকিত্সা ব্যৱস্থাৰ সুবিধা কৰি দিয়াতো অতি দৰকাৰী ।

Image: It is a representative image; Source: Internet

Leave a Reply

Your email address will not be published.