শৰতৰ শাৰদীয় শুভেচ্ছা

Miss. Yamuna Banai, Lakhmisuti, Dhemaji, Assam 

কাক জনাও হেপী দূৰ্গা পূজা ? গাৱত থকা ইংৰাজী বুজি নোপোৱা আইতাক বা ককাক ফোন এটা কৰি জনাই দিও নেকি ? নাই, মই ক’ব নোৱাৰো ? পঢ়া-শুনা নকৰা বৃদ্ধা আইতাক জনালে জানো বুজি পাব । খঙাল আইতাই বুজিবলৈ চেষ্টা নকৰি গালিয়েই দিব আৰু কৈনো কি লাভ হ’ব ? সৰুতে আইতাৰ কোচত বহি উম লোৱাৰ মনত পৰে । বহুত মাৰো খালো, মৰমো পালো বহুতো। আইতাক সৰু এটা কাম কৰি দিয়াৰ কাৰণে, আইতাই টানি লৈ দুগালত চুমা দিয়ে, পিঠিত হাত বুলাই দিয়ে । কিন্তু, আজি-কালিৰ আইতাবোৰে জানো নাতিহঁতক সাধু কথা কৈ মন খুলি হাঁহিব পাৰিছে । আজিকালি আইতাহঁতে নাতিহঁতৰ পৰা মৰমৰ মাত এষাৰ পোৱাও টান । শুটোৰা শুতুৰ ছাল টানি মাত লগাবলৈ জানো আজিৰ নাতিনীহঁতৰ সময় আছে । ভাল স্কুল বুলি টাউনত পঢ়া নাতিহঁতৰ আইতাৰ লগত কথা পাতিবলৈ সময় ক’ত ।

ম’বাইলত দহ টকাৰ SMS পেক ভৰাইছিলো SMS দিম বুলি । কিন্তু অন্তিম দিনটোলৈ বুলি বাট চাই ছ্ট-ফটাই থকা আইতাক কেনকৈ জনাও মই ।  নাই নোৱাৰো জনাব মই -শৰতৰ শাৰদীয় শুভেচ্ছা ।

ৰ’…. কলেজৰ লগৰীয়াহঁতকে ফোন এটা কৰি কৈ দিও – হেপ্পী দূৰ্গা পূজা বুলি । কিন্তু যেনেকে ভাবো তেনেকৈ নহয়েইচোন । ফোনবোৰ বিজী । কলেজৰ student বোৰে পঢ়াতকৈ ম’বাইলতহে বেছি সময় কটায় । স্কুল বা কলেজত দিবলগীয়া 30 টকাৰ ঠাইত মাক্-দেউতাকৰ পৰা 50 টকালৈ যায় । 20 টকা ম’বাইলত ভৰাই SMS দি কথা পতাতেই ব্যস্ত থাকে । সেইবোৰ ঘৰৰ কোনোবাই খবৰ লৈছে নে ? দহজনত দুজনহে ভাল । নে দামি ম্’বাইল নিদিয়াৰ বাবে কান্দি থকা মীনাক SMS কৰি জনাও – শাৰদীয় শুভেচ্ছা – নাই নোৱাৰো !

পূজাৰ দলদোপ হেন্দোলদোপ আয়োজন, জাক-জমকতাত আমি বহু কথাই পাহৰি যাও । আচলতে পাহৰি যাও বুলি ক’লে ভুল কোৱা হ’ব । জুম পাতি খোজ কাঢ়ি ৰাতি দূৰ্গা পূজা চাবলৈ যোৱা, নদী পাৰ হঁওতে পিঠিত উঠি বাইদেউহঁতৰ লগত হাতত চেণ্ডেল জোতা খুলি নদী পাৰ কৰি মেলা চাবলৈ যোৱা – সেইবোৰ কথা জানো পাহৰিব পাৰি ।

সেইখন চিমেন নদী । এতিয়াও তেনেকৈয়ে আছে । না দলং হৈছে, না মানুহবিলাকে চেন্ডেল জোতা পিন্ধি মেলালৈ যাব পাৰিছে । না ৰাস্তা আছে, না আলি – দুখেই লাগে । আমিনি কি কৰিব পাৰিম । এইটো ৰাস্তা – চাইকেল চলাবলৈও যোগ্য নহয় – ওখোৰা মুখোৰা । ব্ৰহ্মপুত্ৰৰ খহনীয়াই গাৱৰ মানুহবোৰক ছেদেলি-ভেদেলি কৰি ৰাখিছে । বানপানীত জোৰোলা হোৱা মথাউৰিত কোনোমতে জীৱন কটাইছে । সৰু সৰু জুপুৰি ঘৰ সাজি, ভিজা মাটিত জুই নজ্বলা চৌকাত কোনোমতে চাউল দুমুঠি সিজাই মাথো পেটৰ ভোক গোচাই আছে । ভাবিছে নেকি ? তাত মাথো মাক্-বাপেকবোৰ আছে বুলি ? নহয়, সেই জুপুৰিবোৰত আমাৰ নিচিনা কিশোৰ-কিশোৰী, ভাই-ভনীবোৰে আছে । বানপানী গৰাখহনীয়া জোৰোলা কৰা একো একোটা ভুক্তভোগী পৰিয়াল । কমেও পাঁচখন গাঁওৰ মাটি-ভেটি বৰলুইটৰ বুকুত । ৰাতি চুক মুদিব নোৱাৰ সেই মানুহবোৰক জনাও নেকি – শৰতৰ শাৰদীয় শুভেচ্ছা । নাই নোৱাৰো – মনত আকৌ কষ্ট পাব সিঁহতে । ভাল নাপাব সিঁহতে ।

তাক কেৱল ভাল পাইছে মিডিয়াই । বাতৰি কাকতত ঠাই নোপোৱা হৈছে । “বানপানী আৰু গৰাখহনীয়াত বিস্তীৰ্ণ গাঁও অঞ্চল” । নে জনাই দিও সেই ভাইতি-ভন্তীহঁতক ? নিজৰ দেহৰ ওজনতকৈ পিঠিত লোৱা বেগৰ ওজন বেছি থকা ভাইতি-ভনীহঁতক । গৰমত গোলপীয়া গাল দুখন ঘাঁমি-জামি যোৱা চিন্তিত মুখখনক কও নেকি – হেপ্পী দূৰ্গা পূজা ।

মোৰ ৰূমৰ নিচেই কাষতে লাগি আছে ইংলিচ মিডিয়াম স্কুলখনৰ ঘৰটো । স্কুলখনত ল’ৰা-ছোৱালী আটাইতাকৈ বেছি । 12 ঘণ্টাই পঢ়া । ৰাতিপুৱা টিউচন । ঘৰলৈ আহি ভাত অকনমান নাকে-কাণে গুজি আকৌ টিউচন । আজিকালি নম্বৰ লাগে । স্কুলতো, ঘৰতো ল’ৰা-ছোৱালীৰ কি হৈছে – কোনে খবৰ ৰাখে – কোনো বিচাৰ কৰে । এতিয়াৰ student হৈছে যন্ত্ৰ আৰু শিক্ষকসকল হৈছে সেই যন্ত্ৰ পৰিচালক ।  ল’ৰা-ছোৱালীক কেৱল পঢ়া-শুনাতে ব্যস্ত নাৰাখক, অলপ সময় তাঁহাতক মুকলি আকাশত তলত উমলিবলৈ দিয়ক ।

ভাগৰ ভাগৰ লাগিছে । বিচনাতে বাগৰি অলপ সময় ভাবিলো । ডিব্ৰুগড়ত লগ পোৱা বান্ধবীবোৰলৈ SMS কে কৰো । ম’বাইলটো চালো – সন্ধ্যা 5 বাজিছে । ৰ – পঠিয়ায়েই দিও – হেপ্পী দূৰ্গা পূজা — SMS লিখিলো । কিন্তু … সিঁহতে বা এতিয়া কি কৰি আছে । সিঁহততো মোৰ নিচিনা নহয় ! হয়তো নতুন কথা নতুন চিন্তা কৰি আছে । সিঁহতে চাগে ছোৱালীবোৰৰ কথাকলৈ ভাগি পৰিছে আৰু কিছুমান কথাত চাগে আবেগিক হৈ পৰিছে । মনক ধৰি ৰাখিব নোৱাৰা এটা মূহুৰ্ত্ব আহি পৰিছে । লুকাই ৰখা ৰোগীয়া কথাবোৰ শুনি জানো শান্তিৰে শুব পাৰিছে ? নিশ্চ য় পৰা নাই ? দিম জানো SMS সিঁহতক – শাৰদীয় শুভেচ্ছা ।

অ’… মই BMB ছাৰকে জনাও – হেপী দূৰ্গা পূজা — কি হ’ল ? নাজানো মোৰ বুঢ়া আঁঙুলিৰে কাম কৰা নাই । কাৰেণ্টে ছৰ্ট মৰাৰ দৰে ৰখি থাকিল । আচলতে বুঢ়া আঙুলিয়ে ভাবিছে, মই জানো ছাৰক SMS পঠিওৱাৰ যোগ্য । সঁচাকে, মই নিজকে এবাৰ সুধিলো । আমাকলৈ জানো ছাৰ কিবা সফল হ’ব । সপোন জানো পুৰা কৰিব পৰিম ? যিমান বুজালেও নুবুজা চহৰত এলুমিনিয়ামৰ বাতিলৈ ঘুৰি ফুৰা অপদাৰ্থবোৰৰ নিচিনা । সেইবোৰক প্ৰায় উদ্ধাৰ কৰা হয় ডাষ্টবিনৰ পৰা, জাবৰ পেলোৱা দমৰ পৰা । অলপতে টাউনলৈ যাওতে লগ পাইছিলো । ৰঙা-নীলা বেলুন কিনি দি তাঁহাতকো ক’ব পাৰিলোহেতেন । হেপী দূৰ্গা পূজা বুলি । কিয় মই কৈ নাহিলো ? কিয় ? আকৌ যাও টাউনলৈ, বেলুন কিনি দি আঁহো তাঁহাতক । অ’হ… মোৰ হাতত চোন এটকাও টকা নাই ? কিয় মই SMS পেক ভৰালো ? ছেহ… এনেয়ে টকা কেইটা নষ্ট কৰিলো । সিঁহতে জানো ৰং চিনি পায় ? ভালকে মাত এষাৰ মাতিলেও দেখোন মুখ ভেঙুচাই দিয়ে ।  কাৰ কপালত কি আছে ক’ব জানো পাৰি ? আমাক ডাষ্টবিনৰ পৰা উদ্ধাৰ কৰা নাই সঁচা । কিন্তু ভালকে বিচাৰ কৰিলে আমিও জানো তাৰ পৰাই উদ্ধাৰ কৰা নহয় জানো ? কি কৰো ? নিজকে হেপী দূৰ্গা পূজা বুলি কৈ থা দিও !!

কেতিয়া আহিব সেই দিন, তেতিয়াহে জনাব পাৰিম শৰতৰ শাৰদীয় শুভেচ্ছা !!

Leave a Reply

Your email address will not be published.