স্নেহা, মিৰা আৰু ৰুবিহঁতৰ কথাৰে

আপুনি হয়তো কম বেছি পৰিমাণে বৰ্তমানৰ সমাজখনৰ প্ৰকৃত দশাটোৰ কথা জানো । চহৰত থকা মানুহবিলাকে এটা নিৰ্দিষ্ট আয়তন, এটা নিৰ্দিষ্ট গণ্ডীৰ মাজত থাকি বাকি চাৰিওদিশটো হয় চাব নিবিচাৰে বা দেখিলেও নেদেখাৰ ভাও জুৰে। টিভি, ফেচবুক, টুইটাৰৰ পৃথিবীখনৰ বাহিৰেও আমাৰ চাৰিওদিশে আন এখন পৃথিবী থাকে । য’ত জীৱনৰ প্ৰতিটো পল সংগ্ৰাম কৰি জীয়াই থকা এচাম মানুহ থাকে । আৰু এইচাম মানুহৰ সংঘৰ্ষপূৰ্ণ জীৱনৰ কথাবিলাকে হয়তো আপোনাৰ প্ৰত্যাহিক জীৱনত বৰ বেছি প্ৰভাৱ পেলাব নোৱাৰে । কিন্তু, তেঁওলোকৰ অৱস্থা, অনুভূতি, সংঘৰ্ষবিলাক বাহিৰলৈ উলাই অহাৰ প্ৰয়োজনীয়তা থাকে । কাৰণ তেঁওলোকক লৈহে আপোনাৰ সমাজখন সম্পূৰ্ণ হয় ।

লভিতা ৰাজোৱাৰ, ডিব্ৰুগড়ৰ চেঁচা চাহ-বাগিচাৰ এগৰাকী শিক্ষিতা ছোৱালী । তাই নিজৰ বাগিচাখন, নিজৰ মানুহখিনি, বাগিচাৰ সমাজখনক খুব ওচৰৰ পৰা দেখা পাইছে । বয়সৰ লগে লগে নিজৰ সমাজখনৰ প্ৰায়বিলাক অৱস্থা আৰু ব্যৱস্থাক বুজি উঠিছে । আৰু লভিতাই তেঁওলোকৰ বাগিচাখনৰ তিনিগৰাকী ছোৱালীৰ তিনিটা জীৱন কাহিনী লিখিছে ।  পঢ়ি চালে গম পাব, কেৰুণবিলকা ক’ৰ পৰা আৰম্ভ হয় আৰু শেষ নোহোৱাকৈ কেনেদৰে লেঠাৰি নিচিগাকৈ বৈ যায় । – সম্পাদনা বিভাগ

স্নেহা, মিৰা আৰু ৰুবিহঁতৰ কথাৰে

Lovita Rajowar, Sessa T.E. Dibrugarh

IDG-Blog-photo

কাহিনীৰ কথা – স্নেহা মুণ্ডা বয়স 16 বছৰ । বাচঁবাৰী লাইনৰ এগৰাকী কিশোৰী । স্নেহাই ক্লাচ ফাইভলৈকে পঢ়ি স্কুল এৰিলে । এতিয়া তাই ঘৰতে থাকে । তাইৰ মাক–দেউতাকে বাগিছাত কাম কৰে । স্নেহাৰ মাক-দেউতাক দুয়োজনে বাগিচাত কাম কৰে যদিও ঘৰখন ভালদৰে চলাবলৈ টকা-পইচাৰ যোগাৰ নমৰে । নেহাৰ দেউতাকে উপাৰ্জনৰ সৰহখিনি টকা চুলাই মদ খোৱাতেই খৰচ কৰি পেলায় । তাইৰ মাকে কথমপি ধাৰ-ঋণ কৰিও হলেও ঘৰখন যেনেতেনে চলায় । পোন্ধৰ দিনত পোৱা 1500 টকাৰে ঘৰখন চলাবলৈ মাকৰ বৰ কষ্ট হয় । সেইকাৰণে স্নেহাৰ ককায়েক আৰু স্নেহাই আধাতে স্কুল এৰিবলগীয়া হল ।

স্নেহাৰ স্কুললৈ যাবলৈ মন নাইকিয়া নহয়, কিন্তু দেউতাকৰ আচাৰ-ব্যৱহাৰ ভাল নোহৱাৰ কাৰণে তাই স্কুল আধাতই এৰি দিলে । স্নেহাৰ দেউতাকে সদায় চুলাই মদ খাই ঘৰত হাই-কাজিয়া কৰি হুলস্থুলীয়া পৰিবেশ সৃষ্টি কৰে । মদ খাবলৈ পইচা নাথাকিলে চুৰ কৰি লৈ যায়, নহ’লে স্নেহাৰ মাকক পইচা বিচাৰে আৰু নিদিলে মাকক মাৰ-পিট কৰে আৰু ঘৰৰ বয়-বস্তু বিক্ৰী কৰি দিয়ে । মাজে মাজে দেউতাকে স্নেহাক গধুলি সময়ত চুলাই মদ আনিবলৈও পঠিয়ায় ।

স্নেহাৰ এতিয়াও পঢ়িবলৈ ইচ্ছা আছে, কিন্তু তাইৰ বয়স অনুপাতে যিটো ক্লাচত পঢ়িব বিচাৰে, সেই ক্লাচত নামভৰ্তি কৰিব নোৱাৰে । কাৰণ তাই ক্লাচ ফাইভলৈকে পঢ়িলে যদিও ভালদৰে লিখা-পঢ়া কৰিবকে নাজানিলে । আনকি, তাই এল.পি. স্কুলত ভালকে নামটোৱে লিখিবলৈ নিশিকেলে । তাই যদি দেউতাকক স্কুল যোৱাৰ কথা কয়, কাম কৰাৰ বয়স হ’ল স্কুললৈ আৰু যাব নালাগে বুলি কৈ, সিমানতে থৈ দিয়ে ।

ঘৰখনত ভাল পৰিবেশ পোৱা হ’লে স্নেহাই পঢ়িলেহেতেন । স্নেহাৰ এতিয়া যিটো বয়স, তাইৰ কাম কৰিবলৈয়ো মন নাযায় । তাই এতিয়া ঘৰতে থাকে – ঘৰৰ কাম-বন কৰে । দেউতাকে কিন্তু স্নেহাক কামলৈ পঠিয়ায় । কাম নগলে সোনকালে বিয়া দি দিয়াৰ কথাও কয় । স্নেহাৰ ভবিষ্যত এতিয়া অন্ধকাৰ ফালে গতি কৰিছে । আহিলবলগীয়া অনাগত দিনবোৰ নেহাই কেনেদৰে কটাব তাই ভাবি একো উপায় নাপায় ।

Dholkhali17_small

কাহিনীৰ কথা – মিৰা উৰাং ,বয়স 14 বছৰ, 6 নং লাইনৰ এগৰাকী কিশোৰী । তাইৰ ঘৰত মাক-দেউতাক,  দুজন ককায়েক আৰু তাই নিজে । মিৰাই ক্লাচ ছিক্স পৰা স্কুল এৰিলে । মিৰাৰ ককায়েক দুজনৰ বয়স ক্ৰমে 16 আৰু 18 বছৰ । সিহঁতেও ক্লাচ 4 লৈকে পঢ়ি স্কুল এৰি দিলে । এতিয়া ঘৰত এনেয়ে থাকে আৰু অলৌ-টলৌ কৈ য’ত-ত’ত ঘুৰি ফুৰে, মদ খাই, কেতিয়াবা ক’ৰবাত কাম পালে কৰে আৰু এনেদৰেই তাঁহাতি দিনবোৰ পাৰ কৰে । মিৰা ঘৰতে থাকে । যাৰ–তাৰ ঘৰত কাম কৰি দিয়ে আৰু কেচুঁৱা ওমলায় । আৰু ব্যক্তিগত মালিকাধীন বাগানবোৰত মজে-মাজে পাত তোলাৰ কাম কৰে ।

মিৰাৰ মাক-দেউতাকে দুয়োজনেই নিৰক্ষৰ । ল’ৰা-ছোৱালীৰ পঢ়া-শুনাৰ প্ৰতি তেঁওলোকে অলপমানো কোনো গুৰুত্ব নিদিলে । দুয়ো চুলাই মদৰ প্ৰতি আসক্ত ।  মদৰ প্ৰতি বহু বেছি আসক্তি থকাৰ কাৰণে মিৰাহতঁৰ প্ৰযোজনীয় বস্তুবিলাক যোগান ধৰিব নোৱাৰে আৰু ইয়াৰোপৰি ল’ৰা-ছোৱালীৰ প্ৰতি মাক-দেউতাকৰ থাকিবলগীয়া দায়িত্বখিনিও পালন কৰা গুৰুত্ব একেবাৰে শূণ্য ।

মিৰাৰ স্কুল এৰা দুবছৰ হ’ল । তাই এল.পি. স্কুলৰ পৰা পাছ কৰি, এম.ই. স্কুলত নাম লগালে, যদিও তাই এল.পি. স্কুলৰ কিতাপখিনিকে একো পঢ়িবলৈ নিশিকিলে । এল.পি. স্কুলত অসমীয়া ভাষা নোকোৱাৰ কাৰণে অসমীয়া ভাষাটো তাই ভালদৰে ক’বলৈ আৰু লিখিবলৈও নিশিকিলে । তাই এম.ই. স্কুলত ক্লাচ ছিক্সত নামভৰ্তি কৰিলে, কিন্তু বহুদিনলৈকে তাই পঢ়িবলৈ কিতাপ এখনো নাপালে । কিতাপৰ কথা শিক্ষকক ক’বলৈ তাই সাহস গোটাবও নোৱাৰিলে । মাকক কেইবাবাৰো ক’লে, কিন্তু মাকও কথাষাৰ কোনো গুৰুত্বই নিদিলে । “নালাগে স্কুললে যাবলৈ” বুলি মাকে কৈ দিলে আৰু সেয়ে দিনাৰ পৰা তাই স্কুল যোৱা বন্ধ হ’ল ।

এতিয়া মিৰা স্কুললৈ নাযায় । এতিয়া তাইৰ বয়সো বেছি হ’ল । ঘৰতে থাকে, ঘৰৰ ইখন-সিখন কাম কৰে । মাক-দেউতাকৰ অমনোযোগীতা,  মদৰ আসক্তিয়ে মিনু আৰু তাইৰ ককাযেক দুজনৰ জীৱন ধ্বংস কৰি পেলালে ।

কাহিনীৰ কথা-  ছোৱালীজনীৰ নাম ৰুবি মুণ্ডা, 11 বছৰীয়া এজনী ফুলকুমলীয়া কিশোৰী ছোৱালী । ডিব্ৰুগড় চহৰৰ পৰা প্ৰায় 5 কি.মি. দূৰৈত অৱস্থিত চাহ-বাগিচা এখনত তাইৰ ঘৰ। ৰুবিহতঁৰ ঘৰত মাক-দেউতাক, এজন ককায়েক, ববীৰ এজনী ভনীয়েক আৰু তাই । তাইৰ মা-দেউতাকে বাগানত কাম কৰিয়েই ৰুবিহতঁক পোহপাল দিছে । কিন্তু মাক-দেউতাক লিখা-পঢ়া নথকাৰ কাৰণে আৰু মদ-পানী ব্যৱহাৰ অধিক হোৱাৰ কাৰণে ৰুবিহতঁক সকলো দিশৰ পৰা যত্ন ল’ব পৰা নাই । আৰু ৰুবিহতঁক পঢ়া-লিখা বা স্কুললৈ পঠিওৱাটোত  যেনেদৰে গুৰুত্ব দিব লাগিছিল দিব পৰা নাই । সেইকাৰণে ৰুবিৰ পোন্ধৰ 15 বছৰীয়া ককায়েকটোৱে স্কুল এৰি ইফালে-সিফালে ঘূৰি-ফুৰে আৰু য’ত ত’ত কাম কৰিয়েই দিনবোৰ পাৰ কৰি আছে । আৰু ৰুবিকো ক্লাচ 2 ৰ পৰা স্কুল এৰুৱাই ডিব্ৰুগড় টাউনত এঘৰ মানুহৰ ঘৰত কাম কৰিবলৈ দি দিলে । ৰুবিয়ে মানুহ ঘৰত বাচন-বৰ্তন ধোৱা, ঝাৰু মৰা আৰু ঘৰৰ অন্যান্য কাম-বনবোৰ কৰে ।

কিন্তু 6 মাহ মানৰ পিছত তাইৰ দেউতা টি.বি. (যক্ষ্মা) ৰোগত ভোগাৰ কাৰণে তাইক ঘৰলৈ লৈ আনিলে । এতিয়া তাই ঘৰতে থাকে, বাগানৰ লাইনৰে অন্য মানুহৰ ঘৰত তাই এতিয়া কেচুৱা ওমলায় । আৰু লগতে তাইৰ ৰুগীয়া আইতা আৰু দেউতাকৰ আল-পইচান ধৰে । স্কুললৈ যাবলৈ তাইৰ কেতিয়াবা কেতিয়াবা মন যায় যদিও মাকে তাইক স্কুললৈ যাবলৈ নিদিয়ে ।

শিক্ষাৰ পোহৰ নপৰা ৰুবি আৰু তাইৰ ককায়েকে পাৰ কৰি যোৱা দিনবোৰ বৰ সন্তোষজনক নহয় । বৰ্তমানৰ অৱস্থাত তাঁহাতৰ ভৱিষ্যতবিলাক অন্ধকাৰ । কেৱল ৰুবিহঁতৰ ভৱিষ্যতবিলাকেই যে দুখ লগা হ’ব তেনে নহয় । ৰুবি থকা লাইনটোৰত তাইৰ দৰে আৰু বহুতো ল’ৰা-ছোৱালী আছে – যি এতিয়াও স্কুল নাযায়, বাগিছাখনৰ লাইনখনৰ মাজে মাজে অলৌ-টলৌ কৈ ঘুৰি-ফুৰি দিনবোৰ কটায় ।

Images Source: Internet

Leave a Reply

Your email address will not be published.