নহয়! নবেল বঁটা বিজয়ী লুক মণ্টানিয়াৰে কোৱা নাছিল যে টিকাকৰণ কৰা সকলো লোকৰ ২ বছৰৰ ভিতৰত মৃত্যু হ’ব | ফেক্টচেক

যি সময়ত, সমগ্ৰ বিশ্বই ক’ভিড-19 সংক্ৰমণৰ এই কঠিন সময়ৰ মাজেৰে পাৰ হৈছে। সেই সময়ত, ইণ্টাৰনেটৰ যোগেদি প্ৰয়োভৰ ঘটা কিছুমান মিছা বাতৰিয়ে আমাৰ মাজত ভয় আৰু বিশৃংখলতা বিয়পাই দিছে। ইয়াত আমি ফৰাচী ভাইৰোলজিষ্ট আৰু নবেল বঁটা বিজয়ী লুক মণ্টাগ্নিয়েৰৰ দ্বাৰা দাবী কৰা বুলি প্ৰকাশ কৰা এটা ভাইৰেল বিবৃতিৰ বিষয়ে কথা পাতিবলৈ লৈছো। যিটো হয়তো আপুনিও শুনা পাইছে।
ভাইৰেল বিবৃতিটোত দাবী কৰা হৈছে যে যিসকলে ক’ভিড-19 ৰ ভেকচিন লৈছে, তেওঁলোকৰ দুবছৰৰ ভিতৰত মৃত্যু হ’ব। লুকৰ সাক্ষাৎকাৰৰ এটা ক্লিপ ছচিয়েল মিডিয়াত প্ৰচাৰ কৰা হৈছে – য’ত তেওঁ মহামাৰীৰ সময়ত মানুহক টিকাকৰণ কৰাৰ ধাৰণাটোৰ ওপৰত প্ৰশ্ন কৰা দেখা গৈছে।
কিন্তু, এই ভাইৰেল দাবীটো সঁচা নে?
ইতিমধ্যে ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ প্ৰেছ ইনফৰ্মেশ্বন ব্যুৰোৱে ক’ভিড-19 টিকাকৰণ সম্পৰ্কে ছ’চিয়েল মিডিয়াত প্ৰচাৰিত এই পোষ্টত কৰা দাবীটো ভুৱা বুলি এক প্ৰেছ বিজ্ঞপ্তি জাৰী কৰিছে।
কুইণ্ট হিন্দীৰ দ্বাৰা কৰা প্ৰাথমিক অনুসন্ধানত কোৱা হৈছে যে:
আমি গোটেই ভিডিঅ’ সাক্ষাৎকাৰটো ‘অডিচি’ নামৰ এটা ৱেবছাইটত পাইছিলো। আমি সম্পূৰ্ণ সাক্ষাৎকাৰটো চাইছিলো, কিন্তু য’ত মণ্টানিয়াৰে “টিকাকৰণ কৰা লোকসকল ২ বছৰৰ ভিতৰত মৃত্যুবৰণ কৰিব বুলি কোৱা কোনো মন্তব্য পোৱা নাছিলো “। অৱশ্যে, যেতিয়া সাক্ষাৎকাৰটোত সাক্ষাৎকাৰ লওঁতাই “ভেকচিনৰ পাৰ্শ্বক্ৰিয়া”ৰ বিষয়ে সোধোতে, মণ্টানিয়াৰে কয় যে ইয়াৰ ফলাফল ২ ৰ পৰা ৩ বছৰৰ পিছত জনা যাব।
অধিক জানিবৰ বাবে পঢ়ক।
এই প্ৰতিবেদন প্ৰস্তুত কৰা লৈকে সমগ্ৰ বিশ্বৰ ২৩.১% লোকে ক’ভিড ভেকচিনৰ কমেও প্ৰথম পালি টীকা গ্ৰহণ কৰিছে। ২৯৬ কোটী লোকে সমগ্ৰ বিশ্বতে ক’ভিড-19 ৰ ভেকচিন গ্ৰহণ কৰিছে আৰু বৰ্তমান প্ৰতিদিনে ৪.১ কোটী লোকে ক’ভিড-19 ৰ ভেকচিন গ্ৰহণ কৰিছে।
অধিক জানিবৰ বাবে চাওক।
অন্যহাতেদি, মঙ্গলবাৰলৈকে ভাৰতত ৩২ কোটীতকৈও অধিক লোকে ক’ভিড-19 ৰ ভেকচিন প্ৰথম আৰু দ্বিতীয় পালি গ্ৰহণ কৰিছে। অসমত ৬৯ লাখতকৈও অধিক লোকে ভেকচিন গ্ৰহণ কৰিছে।
এই শৃংখলা ৰেডিঅ’ ব্ৰহ্মপুত্ৰ আৰু কুইণ্ট হিন্দীৰ যৌথ প্ৰচেষ্টাত আপোনাৰ বাবে আগবঢ়োৱা হৈছে। লিখনিটো ডি কুইণ্টৰ দ্বাৰা কৰা অনুসন্ধানৰ লগতে ৰেডিঅ’ ব্ৰহ্মপুত্ৰৰ দ্বাৰা কৰা নিজা অনুসন্ধানৰ ভিত্তিত আগবঢ়োৱা হৈছে।