Radio Brahmaputra

Live Broadcast Play Button

Close

Blogs

0 262

ক’ভিড 19 – এই ডেল্টা ভেৰিয়েণ্ট কি? কিয় ই “ভেৰিয়েণ্ট অৱ কনচাৰ্ণ”

এজন মানুহৰ গাত ক’ভিড-19 ৰোগটো SARS-CoV-2 নামৰ ভাইৰাচটোৰ দ্বাৰা সংক্ৰমিত হয়। এই ভাইৰাচটো প্ৰথমে 2019 চনৰ ডিচেম্বৰ মাহত চীনৰ যুহান চহৰত ধৰা পৰাৰ পিছত সমগ্ৰ বিশ্বলৈ এই ভাইৰাচটো বিয়পি পৰিলে। সময় আৰু স্থান পৰিবৰ্তনৰ লগে লগে আৰু হাজাৰ হাজাৰ মানুহৰ গালৈ এই ভাইৰাচটো বিয়পি পৰা পিছত এই ভাইৰাচটোৱে ইয়াৰ আনুবংশিক গাঁথনিক সলনি কৰি ল’লে। যাক আমি সাধাৰণতে মিউটেশ্বন বুলি কও। ভাইৰাচৰ মিউটেশ্বনৰ
READ MORE
0 232

ক’ভিড-19: ইয়াৰ পৰা সুৰক্ষা আৰু ডবল মাস্ক

ক’ভিড-19-ৰ বিৰুদ্ধে এই যুঁজখনত আপোনাৰ বাবে এপাত ডাঙৰ অস্ত্ৰ হৈছে, আপোনাৰ মুখত পিন্ধা মাস্কখন। ইতিমধ্যে প্ৰায় মানুহৰ মাস্ক পিন্ধাটো অভ্যাসত পৰিণত হৈছে। ক’ভিডৰ প্ৰথম ঢৌৰ পৰা আপুনি এখন মাস্ক পিন্ধি আহিছিলো। কিন্তু, দ্বিতীয় ঢৌৰ লগে লগে স্বাস্থ্য বিশেষজ্ঞসকলে দুখনকৈ ফেচ মাস্ক ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰিছে আৰু, মানুহৰ মাজত “ডাবল মাস্কিং” বুলি জনপ্ৰিয় হৈছে। ক’ভিড ৰোগটো বিয়
READ MORE
0 214

Fact Check: সূৰ্যগ্ৰহণৰ বাবে কৰ’ণা ৰোগ বৃদ্ধি হ’ব বুলি দাবী কৰা বিভ্ৰান্তিকৰ ভিডিঅ’ৰ সত্যতা কি?

NKtv24X7 নামৰ এটা অসমীয়া নিউজ চেনেলৰ ছ’ছিয়েল মিডিয়াৰ পেজত বিগত ১০ জুন তাৰিখে এটা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছিল। য’ত গুৱাহাটীৰ এজন (প্ৰসিদ্ধ) জ্যোতিষী খগেশ্বৰ গোস্বামীয়ে সূৰ্য গ্ৰহণৰ ফলত অসমত ক’ৰণাৰ ব্যাপক ঢৌ দেখা দিব বুলি দাবী কৰা দেখা গৈছিল। ভিডিঅ’টোৰ যোগেদি গোস্বামীয়ে অন্যান্য কেইবাটাও দাবী কৰা দেখা পোৱা গৈছে। ইয়াৰে ভিতৰত, শ্ৰী গোস্বামীয়ে ভিডিঅ’টোত এনেধৰণৰ কেইবাটাও দাব
READ MORE
0 531

আপুনি জানিবলগীয়া কথা: ক’ভিড-19 ভেকচিন লোৱাৰ পূৰ্বে, লোৱাৰ সময়ত আৰু লোৱাৰ পিছত আপোনাৰ কৰণীয়

বিশ্বৰ কোটী কোটী লোকক এতিয়া সুৰক্ষিতভাৱে ক’ভিড-19-ৰ ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ফলত আমি সকলোৱে নিজকে সুৰক্ষিত অনুভৱ কৰাৰ লগতে, আমি আমাৰ পৰিয়াল আৰু আমাৰ আদৰৰ লোকসকলৰ  সৈতে আমাৰ দৈনন্দিন জীৱন আগুৱাই লৈ যাব পাৰিছো। বহুতো লোকে হয়তো এতিয়াও ক’ভিড-19 ৰ ভেকচিন গ্ৰহণ কৰিব পৰা নাই। কিন্তু, তেঁওলোকে ভেকচিন গ্ৰহণৰ বাবে এতিয়া আশাৰে বাট চাই ৰৈছে। ইয়াৰ লগে লগে তেঁওলোকৰ মনত হয়তো বহুত
READ MORE
0 184

ক’ভিড ভেকচিন গ্ৰহণ কৰাৰ পিছত পুৰুষৰ সন্তান জন্ম দিয়াৰ ক্ষমতা হ্ৰাস হয় নেকি?

  ছ’চিয়েল মিডিয়াৰ যোগেদি এটা প্ৰচাৰ চলোৱা হৈছে যে, ক’ভিড ভেকছিন গ্ৰহণ কৰাৰ পিছত পুৰুষৰ প্ৰজনন ক্ষমতা বা সন্তান জন্ম দিয়াৰ ক্ষমতা হ্ৰাস পায়। ইংৰাজী ভাষাত ভাইৰেল হোৱা এই বাৰ্তাটো হিন্দী বাতৰি কাকতৰ এটা ক্লিপও এই দাবীৰ সৈতে শ্বেয়াৰ কৰা হৈছে। এই দাবী সত্যাসত্য কিমান? শুনক আমাৰ এই পডকাষ্ট – জানকীয়ে সকলো জানে! অধিক জানিবৰ বাবে পঢ়ক  
READ MORE
0 257

ক’ভিড ভেকচিন গ্ৰহণ কৰাৰ পিছত পুৰুষৰ সন্তান জন্ম দিয়াৰ ক্ষমতা হ্ৰাস নহয়

ক’ভিড ভেকচিন গ্ৰহণ কৰাৰ পিছত পুৰুষৰ সন্তান জন্ম দিয়াৰ ক্ষমতা হ্ৰাস নহয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৱেষণা প্ৰতিষ্ঠান, ইউ.কেৰ স্বাস্থ্য বিভাগ আৰু মিয়ামি বিশ্ববিদ্যালয়ৰ অধ্যয়নত এই দাবীটো ভুৱা বুলি প্ৰতিপন্ন হৈছে। ছ’চিয়েল মিডিয়াৰ যোগেদি এটা প্ৰচাৰ চলোৱা হৈছে যে, ক’ভিড ভেকছিন গ্ৰহণ কৰাৰ পিছত পুৰুষৰ প্ৰজনন ক্ষমতা বা সন্তান জন্ম দিয়াৰ ক্ষমতা হ্ৰাস পায়। ইংৰাজী ভাষাত ভাইৰেল হো
READ MORE
1 527

ঋতুস্ৰাৱৰ সময়ত ক’ভিড ভেকচিন ল’লে সংক্ৰমণৰ আশংকা বৃদ্ধি হয় নেকি?

ঋতুস্ৰাৱৰ সময়ত ক’ভিড ভেকচিন ল’লে সংক্ৰমণৰ আশংকা বৃদ্ধি নহয়! সামাজিক মাধ্যমৰ যোগেদি প্ৰচলন হোৱা এই বাৰ্তাটোৰ প্ৰকৃত তথ্য কি? ছ’চিয়েল মিডিয়াত এখন ফটো ভাইৰেল হৈছে আৰু ইয়াত দাবী কৰা হৈছে যে ১৮ বছৰৰ অধিক বয়সৰ মহিলাসকলে ঋতুস্ৰাৱৰ ৫ দিন আগতে আৰু ৫ দিন পিছত ক’ভিড ভেকচিন ল’ব নালাগে। ই মহিলা এগৰাকীৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক প্ৰভাৱিত কৰিব পাৰে।     এই ভাইৰেল ফটোখন দাবী কৰা হৈছে যে ঋত
READ MORE
0 414

দুখীয়াৰ উপায়বিহীন জীৱন

ইতিহাস প্ৰসিদ্ধ শিৱসাগৰ জিলাৰ ৰাজমাই চাহ-বাগিচাৰ অন্তৰ্গত 3 নং লাইনৰ ৰাধিকা মুণ্ডা আৰু চুৰেণ মুণ্ডাৰ একমাত্ৰ জীয়েক জয়ন্তী মুণ্ডা । জয়ন্তীৰ বয়্স এতিয়া 16 বছৰ । জয়ন্তীৰ প্ৰায়ে জ্বৰ আৰু কাঁহ হৈ থাকে । তাই প্ৰায়ে অসুখৰ কাৰণে বিচনাত পৰি থকাৰ কাৰণে, মাক্-দেউতাকে তাইক স্কুল আধাতে এৰাই দিলে । জয়ন্তী সপ্তম শ্ৰেণীলৈকে পঢ়ি এতিয়া ঘৰতে থাকে ।  মাকে গাঁৱৰে বুঢ়া মানুহ এজনৰ পৰা বনদৰব আনি বহুদি
READ MORE
0 224

শৰতৰ শাৰদীয় শুভেচ্ছা

Miss. Yamuna Banai, Lakhmisuti, Dhemaji, Assam কাক জনাও হেপী দূৰ্গা পূজা ? গাৱত থকা ইংৰাজী বুজি নোপোৱা আইতাক বা ককাক ফোন এটা কৰি জনাই দিও নেকি ? নাই, মই ক’ব নোৱাৰো ? পঢ়া-শুনা নকৰা বৃদ্ধা আইতাক জনালে জানো বুজি পাব । খঙাল আইতাই বুজিবলৈ চেষ্টা নকৰি গালিয়েই দিব আৰু কৈনো কি লাভ হ’ব ? সৰুতে আইতাৰ কোচত বহি উম লোৱাৰ মনত পৰে । বহুত মাৰো খালো, মৰমো পালো বহুতো। আইতাক সৰু এটা কাম কৰি দিয়াৰ কাৰণে, আইতাই টানি লৈ দুগালত চুমা দিয়ে, প
READ MORE
0 196

স্নেহা, মিৰা আৰু ৰুবিহঁতৰ কথাৰে

আপুনি হয়তো কম বেছি পৰিমাণে বৰ্তমানৰ সমাজখনৰ প্ৰকৃত দশাটোৰ কথা জানো । চহৰত থকা মানুহবিলাকে এটা নিৰ্দিষ্ট আয়তন, এটা নিৰ্দিষ্ট গণ্ডীৰ মাজত থাকি বাকি চাৰিওদিশটো হয় চাব নিবিচাৰে বা দেখিলেও নেদেখাৰ ভাও জুৰে। টিভি, ফেচবুক, টুইটাৰৰ পৃথিবীখনৰ বাহিৰেও আমাৰ চাৰিওদিশে আন এখন পৃথিবী থাকে । য’ত জীৱনৰ প্ৰতিটো পল সংগ্ৰাম কৰি জীয়াই থকা এচাম মানুহ থাকে । আৰু এইচাম মানুহৰ সংঘৰ্ষপূৰ্ণ জীৱনৰ কথ
READ MORE