ফেচ মাস্ক পৰিধান কৰিলে বেক্টেৰিয়াৰ সংক্ৰমণ নহয়, মাস্কে ক’ভিড-19 বিয়পাৰ পৰা প্ৰতিহত কৰে

বিভিন্ন অধ্যয়নৰ পৰা দেখা গৈছে যে ফেচ মাস্ক পৰিধান কৰিলে ই আপোনাক বেক্টেৰিয়াৰ সংক্ৰমণৰ পৰা সুৰক্ষিত কৰে।

অসমৰ “২৪ লাইভ” নামৰ এটা নিউজ পৰ্টেলৰ ফেচবুক পেজত প্ৰকাশিত এটা বাতৰিত দাবী কৰা হৈছে যে ফেচ মাস্ক পৰিধান কৰাটো এজন ব্যক্তিৰ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক। ইয়াত কলকাতাস্থিত হোমিঅ’পেথিক চিকিৎসক বুলি দাবী কৰা এজন ব্যক্তিয়ে ক’ভিড-19 সম্পৰ্কে কেইবাটাও বিভ্ৰান্তিকৰ তথ্য উত্থাপন কৰিছে।

অৱশ্যে, কুইণ্টৰ দ্বাৰা কৰা নিজা অনুসন্ধানত চিকিৎসকজনে কৰা এই দাবী আৰু প’ৰ্টেলটোৱে প্ৰকাশ কৰা তথ্যসমূহ মিছা আৰু বিভ্ৰান্তিকৰ। ফেচ মাস্ক পৰিধান কৰাৰ ফলত  এজন স্বাস্থ্যৱান ব্যক্তি স্বাস্থ্যৰ বাবে যিকোনো ধৰণৰ বিপদাশংকা আহে বুলি কোনোধৰণৰ প্ৰমাণ বৰ্তমানলৈকে পোৱা হোৱা নাই। তদুপৰি, এক অধ্যয়ন কোৱা হৈছিল যে চিকিৎসালয়ৰ পৰিৱেশত মানুহ এজনে যদি ফেচ মাস্ক পৰিধান কৰে, তেতিয়া মানুহজন বেক্টেৰিয়াৰ সংক্ৰমণৰ পৰা সুৰক্ষিত হৈ থাকে।

দাবী

নিউজ বুলেটিনটোৰ শিৰোনামটোত কোৱা হৈছিল, “এজন ব্যক্তিয়ে পৰিধান কৰা অন্তৰ্বাসত থকা বেক্টেৰিয়াৰ পৰিমাণ আৰু এজন মানুহে পৰিধান কৰা ফেচ মাস্কত থকা বেক্টেৰিয়াৰ পৰিমাণৰ সমান।”

ভিডিঅ’টোত, ডাঃ ৰাজেশ ৰায়ে নামৰ ব্যক্তিজনে কৈছে যে, এজন ব্যক্তিয়ে কেইঘণ্টামানৰ বাবে আণ্ডাৰৱেৰ পৰিধান কৰাৰ পিছত, সেই আণ্ডাৰৱেৰত যিমান পৰিমাণৰ বেক্টেৰিয়া জমা হয়, ঠিক সমান পৰিমাণৰ বেক্টেৰিয়া এখন ফেচ মাস্কত এজন মানুহে 15 মিনিটৰ বাবে পৰিধান কৰিলে ফেচ মাস্কত জমা হয়।

চিকিৎসকজনে পূৰ্বেত মিছা বুলি প্ৰমাণীত হোৱা কোভিড-19 সম্পৰ্কে আন কিছুমান মিছা আৰু ভিত্তিহীন কথাও ৱেব প’ৰ্টেলটোৰ নিউজ বুলেটিনটোত উল্লেখ কৰিছে। চিকিৎসকজনে ক’ভিড-19 ৰোগটোক এক প্ৰৱঞ্চনা বুলি দাবী কৰাৰ লগতে এই ৰোগটো বিল গেটছ ফাউণ্ডেচন, বিশ্ব স্বাস্থ্য সংস্থা আৰু জনছ হপকিন্স বিশ্ববিদ্যালয়ৰ দ্বাৰা সজাই তোলা এক প্ৰৱঞ্চনা বুলি দাবী কৰিছে।

“২৪ লাইভ”ৰ ফেচবুক পৃষ্ঠাত ৬,১৬,৪৭০ জন অনুসৰণকাৰী আছে আৰু এই লেখাটো লিখাৰ সময়লৈকে অসমীয়া ভাষাত প্ৰকাশিত ভিডিঅ’টো ৪,০০০ বাৰ চোৱা হৈছিল।

এই বাতৰিটো হিন্দী বুলেটিন হিচাপেও শ্বেয়াৰ কৰাৰ লগতে অন্যান্য ব্যৱহাৰকাৰীয়েও ইয়াক শ্বেয়াৰ কৰিছে।

কুইণ্টৰ ফেক্ট চেকত কি বিচাৰি পাইছিল

চিকিৎসকজনে দাবী কৰা কিছুমান তথ্য ইতিমধ্যে বিশ্বজুৰি তথ্য-পৰীক্ষকসকলৰ দ্বাৰা কেইবাবাৰো প্ৰত্যাখ্যান কৰা হৈছে। তেওঁ লগতে “ক’ভিড-19 এটা প্ৰৱঞ্চনা” বুলি কৰা দাবীটো বহুবাৰ ইতিমধ্যে প্ৰত্যাখ্যান কৰাৰ লগতে ভুল বুলি প্ৰমাণিত হৈছে।

তেওঁ এই ক’ভিড-19 মহামাৰীক “পৰিকল্পিত মহামাৰী” বুলি উল্লেখ কৰিছে, যি বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেচন, বিশ্ব স্বাস্থ্য সংস্থা আৰু জনছ হপকিন্স ইউনিভাৰিটিৰ দৰে সংগঠনৰ দ্বাৰা পৰিচালিত বুলি কোৱা হয়।

পূৰ্বতেও সামাজিক মাধ্যমসমূহত মাস্ক পৰিধান সম্পৰ্কে কিছুমান ভুল/অপপ্ৰচাৰ বিয়পোৱা হৈছিল আৰু কুইণ্টৰ ৱেবকুফ দলে এনে কিছুমান দাবী পৰীক্ষা কৰি ইয়াক ভুল বা মিচা বুলি প্ৰমাণীত কৰিছিল। ইয়াৰ ভিতৰত “মাস্কে শৰীৰত অক্সিজেনৰ স্তৰ হ্ৰাস কৰে” আৰু “মাস্কত বিজাণু থাকে, যি মানুহক সংক্ৰমিত কৰিব”। ঠিক একেদৰে, মাস্কবিলাকত বেক্টেৰিয়া থাকে আৰু ই এজন ব্যক্তিৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি কৰা দাবীও বিভ্ৰান্তিকৰ।

অৱশ্যে এইটো সঁচা যে দীৰ্ঘ সময়ৰ বাবে মাস্ক এখন ব্যৱহাৰৰ পিছত মাস্কত বেক্টেৰিয়া উৎপন্ন হ’ব পাৰে। কিন্তু ব্যৱহাৰৰ 15 মিনিটৰ পিছত, ইয়াত বেক্টেৰিয়া জমা হ’ব। এনেধৰণৰ দাবী সম্পূৰ্ণৰূপে বিভ্ৰান্তিকৰ।

বেলজিয়ামৰ এণ্টৱাৰ্প বিশ্ববিদ্যালয়ত কৰা এক অধ্যয়নত দেখা গৈছে যে “চাৰি ঘণ্টা পিন্ধাৰ পিছত এখন চাৰ্জিকে মাস্ক বা কপাহ দ্বাৰা নিৰ্মিত এখন মাস্কত বেক্টেৰিয়া জমা হয়।”

অধ্যয়নটোত উল্লেখ কৰিছে যে যদি মাস্ক এখন পৰিষ্কাৰভাৱে ব্যৱহাৰ কৰা হয় আৰু চাৰ্জিকেল মাস্ক এখন চাৰি ঘণ্টা ব্যৱহাৰ কৰাৰ পিছত যদি নষ্ট কৰি পেলোৱা হয় আৰু কপাহেৰে নিৰ্মিত এখন কপাহী মাস্ক পুনৰ ব্যৱহাৰ কৰাৰ পূৰ্বে সঠিকভাৱে পৰিষ্কাৰ কৰি লোৱা হয়, তেতিয়া বেক্টেৰিয়া জমা হোৱাৰ পৰা হ’ব পৰা যিকোনো ধৰণৰ ক্ষতি পৰিহাৰ কৰিব পাৰি।

অধ্যয়নটোৱে যদি এজন ব্যক্তিয়ে দীঘলীয়া সময়ৰ বাবে মাস্ক পিন্ধিব লগা হয়, তেতিয়া চাৰ্জিকেল মাস্ক পৰিধান কৰিবলৈ পৰামৰ্শ প্ৰদান কৰাৰ লগতে কপাহী মাস্কৰ ক্ষেত্ৰত সঠিক পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈ পৰামৰ্শ দিছে।

অধ্যয়নটোত কোৱা হৈছে যে “কাপোৰৰ মাস্ক সদায়ে 100° চেণ্টিগ্ৰেডত উতলাওক, ডিটাৰ্জেণ্টেৰে 60° চেণ্টিগ্ৰেডত ধোৱক আৰু ইস্ত্ৰী ব্যৱহাৰ কৰক।”

অষ্ট্ৰেলিয়াত কৰা এটা অধ্যয়ন আৰু প্ৰিভেণ্টিভ মেডিচিন জাৰ্নেলত প্ৰকাশিত এক অধ্যয়নত দেখা গৈছে যে চিকিৎসালয়ৰ পৰিৱেশত যদি এজন ব্যক্তিয়ে ফেচ মাস্ক পৰিধান কৰে, তেতিয়া মানুহজন বেক্টেৰিয়াৰ সংক্ৰমণৰ পৰা সুৰক্ষিত হৈ থাকে।

স্পষ্টৰূপে, দীৰ্ঘ সময়ৰ বাবে মাস্ক পিন্ধাটো এজন ব্যক্তিৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি কৰা দাবী মিছা। ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়কে ধৰি সমগ্ৰ বিশ্বৰ স্বাস্থ্যৰ সৈতে জড়িত সংস্থাসমূহে ক’ভিড-19 ৰ বিস্তাৰক প্ৰতিহত কৰিবৰ বাবে মাস্ক পৰিধান কৰিবলৈ পৰামৰ্শ দিছে।

মাস্ক পৰিধান কৰাৰ সঠিক উপায় কি?

Follow us on: https://www.youtube.com/channel/UCrRxS5C6wvE6ZweHj7e3kEg

যিসকল লোক হাপানি ৰোগী বা উশাহ লোৱাত অসুবিধা সন্মুখীন হয়, তেওঁলোকে মাস্ক ব্যৱহাৰৰ ক্ষেত্ৰত চিকিৎসকৰ সৈতে আলোচনা কৰা উচিত।

আৰু পঢ়ক

মাস্ক পৰিধান কৰাৰ সঠিক উপায় আৰু মাস্ক এখন কেনেদৰে বাছনি কৰিব, ইয়াক সঠিকভাৱে পিন্ধিব, পৰিষ্কাৰ কৰাৰ লগতে উপযুক্তভাৱে ৰাখিব?

(এই লেখাটো গ্ৰাম্য মহিলাসকলক লক্ষ্য কৰি কুইণ্টৰ ক’ভিড-19 তথ্য পৰীক্ষা প্ৰকল্পৰ অংশ হিচাপে প্ৰকাশ কৰা হৈছে। ইয়াক প্ৰকল্পৰ অংশীদাৰ সংগঠন ৰেডিঅ’ ব্ৰহ্মপুত্ৰৰ দ্বাৰা কুইণ্টক সূচিত কৰাৰ লগতে অসমীয়া সংস্কৰণটো ৰেডিঅ’ ব্ৰহ্মপুত্ৰৰ দ্বাৰা সম্পাদনা কৰি প্ৰকাশ কৰা হৈছে। ইয়াৰ ইংৰাজী সংস্কৰণটো ইয়াৰ ইংৰাজী সংস্কৰণটো অভিলাচ মল্লিকৰ দ্বাৰা যুগুতাই তোলা হৈছিল। ইংৰাজী সংস্কৰণটো ইয়াত পঢ়ক।)

Leave a Reply

Your email address will not be published.