ক’ভিড ভেকচিন গ্ৰহণ কৰাৰ পিছত পুৰুষৰ সন্তান জন্ম দিয়াৰ ক্ষমতা হ্ৰাস নহয়

’ভিড ভেকচিন গ্ৰহণ কৰাৰ পিছত পুৰুষৰ সন্তান জন্ম দিয়াৰ ক্ষমতা হ্ৰাস নহয়

আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৱেষণা প্ৰতিষ্ঠান, ইউ.কেৰ স্বাস্থ্য বিভাগ আৰু মিয়ামি বিশ্ববিদ্যালয়ৰ অধ্যয়নত এই দাবীটো ভুৱা বুলি প্ৰতিপন্ন হৈছে।

ছ’চিয়েল মিডিয়াৰ যোগেদি এটা প্ৰচাৰ চলোৱা হৈছে যে, ক’ভিড ভেকছিন গ্ৰহণ কৰাৰ পিছত পুৰুষৰ প্ৰজনন ক্ষমতা বা সন্তান জন্ম দিয়াৰ ক্ষমতা হ্ৰাস পায়। ইংৰাজী ভাষাত ভাইৰেল হোৱা এই বাৰ্তাটো হিন্দী বাতৰি কাকতৰ এটা ক্লিপও এই দাবীৰ সৈতে শ্বেয়াৰ কৰা হৈছে।

এই দাবীৰ সন্দৰ্ভত ডি কুইণ্টৰ দ্বাৰা কৰা বিভিন্ন অনুসন্ধানত ইউৰোলজিষ্ট ডাঃ সুৰেশ ভগতে এই দাবীটো ভুৱা বুলি অভিহিত কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰত ৰিপ্ৰডাকশ্বনৰ ওপৰত কাম কৰি থকা গৱেষণা সংগঠন চ’চাইটি ফৰ মেল ৰিপ্ৰডাকচন এণ্ড ইউৰোলজী (এছএমআৰইউ), আৰু ছ’চাইটি ফৰ দা ষ্টাডি অফ মেল ৰিপ্ৰডাকচন (এছএছএমআৰ) ৰ দৰে সংস্থা এক বিবৃতি প্ৰদান কৰি স্পষ্ট কৰি দিছে যে – ক’ভিড ভেকচিনে এতিয়ালৈকে পুৰুষৰ প্ৰজননৰ ওপৰত কোনো বিৰূপ প্ৰভাৱ পেলোৱা নাই। সেয়েহে, সন্তান জন্মৰ পৰিকল্পনা কৰা পুৰুষসকলে ক’ভিডৰ টিকা ল’ব পাৰে।

এছ.এম.আৰ.ইউ. আৰু এছ.এছ.এম.আৰ.-য়ে তেওঁলোকৰ যুটীয়া বিবৃতিৰ যোগেদি জনাইছে যে,

ফাইজাৰ ভেকচিন গ্ৰহণ কৰাৰ পিছত ১৬% পুৰুষৰ মৃদু জ্বৰ হৈছিল। সাধাৰণতে যিকোনো ধৰণৰ, জ্বৰৰ ফলত পুৰুষৰ শুক্ৰাণুৰ সংখ্যা হ্ৰাস হ’ব পাৰে। কিন্তু, ই কিছু সময়ৰ বাবে হে হয়। পুৰুষৰ শুক্ৰাণুৰ এই হ্ৰাস, ভেকছিনৰ বাবে নহয়। ই যিকোনো ধৰণৰ জ্বৰত হ’ব পাৰে।

এই সন্দৰ্ভত ডি কুইণ্টৰ দ্বাৰা ইউৰোলজিষ্ট ডাঃ সুৰেশ ভগতৰ সৈতে যোগাযোগ কৰাত, ডাঃ সুৰেশে এই দাবীক সম্পূৰ্ণ ভিত্তিহীন বুলি অভিহিত কৰি কয় যে ভেকচিনে পুৰুষৰ উৰ্বৰতাৰ ওপৰত কোনো বিৰূপ প্ৰভাৱ নেপেলায়।

“ভেকচিন গ্ৰহণ কৰাৰ পিছত নিশ্চিতভাৱে পাতল জ্বৰ হ’ব পাৰে। কিন্তু, বৰ্তমানলৈকে, ভেকচিন গ্ৰহণ কৰাৰ পিছত পুৰুষৰ উৰ্বৰতা হ্ৰাস হয়, এই কথাৰ কোনো তথ্য বা বৈজ্ঞানিক প্ৰতিবেদন নাই। এই দাবীটো সম্পূৰ্ণৰূপে ভুৱা।

“ড. সুৰেশ ভগত, ইউৰোলজিষ্ট

১৭ জুন ২০২১ ত JAMA-ত প্ৰকাশিত এক গৱেষণা পত্ৰ “Sperm Parameters Before and After COVID-19 mRNA Vaccination (ক’ভিড-19 মি.আৰ.এন.এ. টিকাকৰণৰ আগৰ আৰু পিছৰ শুক্ৰাণুৰ মাপদণ্ড)”-ত কোৱা হৈছে যে ক’ৰনা ভাইৰাচ ভেকচিনে পুৰুষৰ প্ৰজনন ক্ষমতাৰ ওপৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে, সদ্য প্ৰকাশিত এনেধৰণৰ প্ৰথম-প্ৰকাৰৰ অধ্যয়নৰ ফলাফলে প্ৰমাণ কৰি দেখুৱাইছে যে অধ্যয়নটোত অংশগ্ৰহণ কৰা স্বেচ্ছাসেৱকসকলৰ শুক্ৰাণুৰ স্তৰ দুটা পালি এমআৰএনএ (mRNA)ভেকচিন লোৱাৰ পিছত স্বাস্থ্যবান বা কাৰ্যকৰী অৱস্থাতে আছে।

বৰ্তমানলৈকে উপলব্ধ কোনো ক’ভিড-19 ভেকচিনত জীৱন্ত ভাইৰাছ ব্যৱহাৰ কৰা হোৱা নাই। আনকি এডেনোভাইৰাছ ভেক্টৰ পালিৰ ক্ষেত্ৰতো, যেনে অক্সফৰ্ডএষ্ট্ৰজেনেকা (ভাৰতত কভিশ্বিল্ড হিচাপে বিক্ৰী কৰা) আৰু ৰাছিয়াৰ গামালিয়া ইনষ্টিটিউট (স্পুটনিক হিচাপে বিক্ৰী কৰা), এডেনোভাইৰাছটো প্ৰতিলিপি নকৰিবলৈ সংশোধন কৰা হয় আৰু ই প্ৰকৃত সংক্ৰমণ সৃষ্টি কৰিব নোৱাৰে।

গতিকে, যিসকল লোকৰ মনত ক’ভিড ভেকচিন ল’লে –পুৰুষৰ প্ৰজনন ক্ষমতাৰ ওপৰত প্ৰভাৱ পৰিব বুলি কোনো ধাৰণা আছে বা কোনো ভুৱা বাৰ্তাত বিশ্বাস কৰি ক’ভিড-19 ৰ ভেকচিন লোৱা-নোলোৱাৰ পৰা বিৰত আছে। তেঁওলোকে নিসন্দেহে ক’ভিড-19 ভেকচিন লোৱাটো অতি প্ৰয়োজন। নিসন্দেহে, সামাজিক মাধ্যমৰ যোগেদি, ক’ভিড ভেকচিন ল’লে, পুৰুষৰ প্ৰজনন ক্ষমতা হ্ৰাস কৰিব বুলি কোৱা এই দাবী সম্পূৰ্ণৰূপে ভিত্তিহীন।

এই শৃংখলা ৰেডিঅ’ ব্ৰহ্মপুত্ৰ আৰু কুইণ্ট হিন্দীৰ যৌথ প্ৰচেষ্টাত আপোনাৰ বাবে আগবঢ়োৱা হৈছে। লিখনিটো ডি কুইণ্টৰ দ্বাৰা কৰা অনুসন্ধানৰ লগতে ৰেডিঅ’ ব্ৰহ্মপুত্ৰৰ দ্বাৰা কৰা নিজা অনুসন্ধানৰ ভিত্তিত আগবঢ়োৱা হৈছে।

অধিক জানিবৰ বাবে পঢ়ক

Leave a Reply

Your email address will not be published.