ক’ভিড 19 – এই ডেল্টা ভেৰিয়েণ্ট কি? কিয় ই “ভেৰিয়েণ্ট অৱ কনচাৰ্ণ”

এজন মানুহৰ গাত ক’ভিড-19 ৰোগটো SARS-CoV-2 নামৰ ভাইৰাচটোৰ দ্বাৰা সংক্ৰমিত হয়। এই ভাইৰাচটো প্ৰথমে 2019 চনৰ ডিচেম্বৰ মাহত চীনৰ যুহান চহৰত ধৰা পৰাৰ পিছত সমগ্ৰ বিশ্বলৈ এই ভাইৰাচটো বিয়পি পৰিলে। সময় আৰু স্থান পৰিবৰ্তনৰ লগে লগে আৰু হাজাৰ হাজাৰ মানুহৰ গালৈ এই ভাইৰাচটো বিয়পি পৰা পিছত এই ভাইৰাচটোৱে ইয়াৰ আনুবংশিক গাঁথনিক সলনি কৰি ল’লে। যাক আমি সাধাৰণতে মিউটেশ্বন বুলি কও।

ভাইৰাচৰ মিউটেশ্বনৰ ফলতে ভাইৰাচৰ কিছুমান নতুন নতুন প্ৰকাৰ সৃষ্টি হয়, যাক ইংৰাজীত ভেৰিয়েণ্ট বুলি কোৱা হয়। মিউটেশ্বনৰ জৰিয়তে ভাইৰাচ এটাৰ আনুবংশিক গাঁথনি নিৰন্তৰ সলনি হৈ থাকে আৰু এনে পৰিবৰ্তন বা মিউটেশ্বনৰ ফলত ভাইৰাচ এটাৰ নতুন প্ৰকাৰ বা ভেৰিয়েণ্ট সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে। কোনো কোনো সময়ত ভাইৰাচৰ নতুন প্ৰকাৰবিলাকৰ সৃষ্টি হয় আৰু নাইকিয়া হৈ যায়। কিন্তু, কোনো কোনো সময়ত ভাইৰাচৰ নতুন প্ৰকাৰবিলাক বহু দিনলৈ বৰ্তি থাকে। ক’ভিড-19 ৰোগটো আৰম্ভ হোৱাৰে পৰা সমগ্ৰ বিশ্ব ভাইৰাচটোৰ একাধিক প্ৰকাৰ ইতিমধ্যে নথিভুক্ত কৰা হৈছে।

ভাইৰাচৰ এই পৰিবৰ্তন বা মিউটেশ্বনক, আপুনি গছ এজোপাৰ লগত তুলনা কৰিব পাৰে। গছ এজোপা ডাঙৰ হৈ অহাৰ লগে লগে মূল গা গছজোপাৰ পৰা বিভিন্ন নতুন নতুন ডাল উলায় আৰু প্ৰতিটো ডালেই দেখাত এটাৰ পৰা আনটো পৃথক হয়। ঠিক একেদৰে ভাইৰাচ এটাৰ ক্ষেত্ৰতো এনে হয়। ভাইৰাচৰ ক্ষেত্ৰত বিজ্ঞানীসকলে ভাইৰাচৰ নতুনকৈ সৃষ্টি হোৱা প্ৰকাৰবিলাকৰ ওপৰত নজৰ ৰাখে আৰু এই নতুন প্ৰকাৰবিলাকে ভাইৰাচটোক কিমান ক্ষিপ্ৰতাৰে বা সহজে বিয়পাব পাৰে বা ইয়াৰ বৰ্তি থকাৰ ক্ষমতা কিমান, সেইবিলাক কথাৰ ওপৰত অধ্যয়ন কৰি, নতুনকৈ সৃষ্টি হোৱা প্ৰকাৰবিলাকক নাম দিয়ে বা লেবেলিং কৰে।
ক’ভিড-19 ৰোগটো সৃষ্টি কৰা SARC-Cov-2 ভাইৰাচটো চাৰিটা উল্লেখযোগ্য প্ৰকাৰ চিনাক্ত কৰি, ইয়াক লেবেল কৰা হৈছে।

বি.1.1.7 (আলফা): এই প্ৰকাৰটো প্ৰথমবাৰৰ বাবে 2020 চনৰ ডিচেম্বৰ মাহত আমেৰিকা যুক্তৰাষ্ট্ৰত চিনাক্ত কৰা হৈছিল। এইটো প্ৰথমতে ইউ.কে.ত চিনাক্ত কৰা হৈছিল।

বি.1.351 (বিটা): এই প্ৰকাৰটো প্ৰথমবাৰৰ বাবে জানুৱাৰী 2021-ৰ শেষত আমেৰিকা যুক্তৰাষ্ট্ৰত চিনাক্ত কৰা হৈছিল। এইটো প্ৰথমতে ২০২০ চনৰ ডিচেম্বৰত দক্ষিণ আফ্ৰিকাত চিনাক্ত কৰা হৈছিল।

পি.1 (গামা): এই প্ৰকাৰটো প্ৰথমবাৰৰ বাবে জানুৱাৰী 2021 ত আমেৰিকা যুক্তৰাষ্ট্ৰত চিনাক্ত কৰা হৈছিল। প্ৰথমতে ব্ৰাজিলৰ ভ্ৰমণকাৰীসকলৰ ক্ষেত্ৰত পি.1 চিনাক্ত কৰা হৈছিল, যাক জানুৱাৰীৰ আৰম্ভণিতে জাপানৰ বিমানবন্দৰত নিয়মীয়া স্ক্ৰীণিংৰ সময়ত পৰীক্ষা কৰা হৈছিল।

বি.1.617.2 (ডেল্টা): এই প্ৰকাৰটো প্ৰথমবাৰৰ বাবে মাৰ্চ 2021 ত আমেৰিকা যুক্তৰাষ্ট্ৰত চিনাক্ত কৰা হৈছিল।  ইয়াক প্ৰথমতে ২০২০ চনৰ ডিচেম্বৰত ভাৰতত চিনাক্ত কৰা হৈছিল।

ক’ভিড-19 ৰোগটো কৰিব পৰা এই ভাইৰাচৰ প্ৰকাৰ কেইটা অন্যান্য প্ৰকাৰতকৈ অধিক সহজে আৰু দ্ৰুততাৰে বিয়পিব পাৰে। ফলত ৰোগীৰ সংখ্যা বৃদ্ধি হ’লে স্বাস্থ্য সেৱাৰ ওপৰত অধিক চাপ পৰিব পাৰে। ইয়াৰ লগতে, চিকিৎসালয়ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে আৰু মৃত্যুৰ সম্ভাৱনাও বাঢ়ি যাব পাৰে।

শেহতীয়াকৈ ২০২০ চনত ভাৰত প্ৰথমবাৰৰ বাবে পোৱা  ডেল্টা ভেৰিয়েণ্টক ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থা “ভেৰিয়েণ্ট অৱ কনচাৰ্ণVariant of Concern (VOC) বা উদ্বেগজনক প্ৰকাৰ বুলি অভিহিত কৰিছে।  ইয়াতে উল্লেখ কৰি থোৱা ভাল হ’ব যে – বিশ্ব স্বাস্থ্য সংস্থাই ভাইৰাচৰ ভেৰিয়েণ্টবিলাকক ইয়াৰ সংক্ৰমণৰ ক্ষমতা, ইয়াৰ হানিকাৰক পৰিবৰ্তন, ভাইৰাচটোৰ উগ্ৰতা (virulence) ত হোৱা বৃদ্ধি, জনস্বাস্থ্যৰ বিভিন্ন পৰিমাপসমূহৰ কাৰ্যকাৰীতাত পৰা প্ৰভাৱৰ ওপৰত ভিত্তি কৰি বৰ্গীকৰণ কৰে।

বিভিন্ন গৱেষণাসমূহে পৰামৰ্শ দিছে যে কভিড-19 বেমাৰটো সৃষ্টি কৰা ভাইৰাচৰ নতুন প্ৰকাৰ ডেল্টা, যাক আনুষ্ঠানিকভাৱে বি.1.617.2 বুলি জনা যায়, এতিয়ালৈকে চিনাক্ত হোৱা সকলো জ্ঞাত প্ৰকাৰৰ ভিতৰত আটাইতকৈ সংক্ৰামক। ইউ’কেৰ জনস্বাস্থ্য সৈতে জড়িত বিষয়াসকলে অৱগত কৈছে যে ই.কে.ত চিনাক্ত হোৱা আলফা ভেৰিয়েণ্টতকৈ এই ডেল্টা ভেৰিয়েণ্টটো ৪০ ৰ পৰা ৮০ শতাংশ অধিক সংক্ৰমক হ'ব পাৰে, যদিও এই ক্ষেত্ৰত বৰ্তমানো অধ্যয়ন চলি আছে।

ডেল্টা ভেৰিয়েণ্টটোৰ বাবে অধিক গুৰুতৰ ৰোগ বা লক্ষণ সৃষ্টি হ’ব পাৰে নেকি?
এই ক্ষেত্ৰত অধিক গৱেষণাৰ প্ৰয়োজন আছে। কিন্তু, ডেল্টা ভেৰিয়েণ্ট ফলত অধিক গুৰুতৰ ৰোগ হ'ব পাৰে বুলি ইঙ্গিত পোৱা গৈছে। ১৪ জুন তাৰিখত দ্য লেঞ্চেট আলোচনীখনত স্কটলেণ্ডৰ ডেল্টা প্ৰকাৰৰ প্ৰভাৱৰ ওপৰত হোৱা পৰীক্ষাৰ এক অধ্যয়ন প্ৰকাশ কৰা হৈছিল আৰু স্কটলেণ্ডত ইতিমধ্যে ইয়াৰ প্ৰভাৱ গুৰুতৰ ৰূপত দেখা পোৱা গৈছে। গৱেষকসকলৰ মতে আলফা ভেৰিয়েণ্টৰ দ্বাৰা সংক্ৰমিত লোকৰ তুলনাত ডেল্টা সংক্ৰমিত ৰোগীসকলৰ বাবে ক’ভিড-19-ৰ বাবে চিকিৎসালয়ত ভৰ্তি হোৱাৰ আশংকা প্ৰায় দুগুণ বৃদ্ধি হৈছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, ৯৫ খনতকৈও অধিক দেশত ডেল্টা প্ৰকাৰৰ পোৱা গৈছে।

ভাইৰাচ এটা বিয়পি পৰাৰ লগে লগে ইয়াৰ পৰিৱৰ্তন আৰু বিকাশ হোৱাটো অস্বাভাৱিক নহয়। ইতিমধ্যে বিজ্ঞানীসকলে পূৰ্বৰ পৰাই সতৰ্ক কৰি আহিছে যে নতুনকৈ হোৱা সংক্ৰমণ আৰু ইয়াৰ প্ৰাদুৰ্ভাৱৰ বাবে ক’ভিড-19 বেমাৰটো সৃষ্টি কৰা ভাইৰাচৰ অন্যান্য উদ্বেগজনক প্ৰকাৰ উদ্ভৱ হ'ব পাৰে।

ভাৰতত, গৱেষকসকলে ভাইৰাচটোৰ এক পৃথক পৰিৱৰ্তন লক্ষ্য কৰিছিল। ইয়াক শেহতীয়াকৈ "ডেল্টা প্লাছ" বুলি অভিহিত কৰা হৈছে। অৱশ্যে ইয়াক এতিয়ালৈকে বিশ্ব স্বাস্থ্য সংস্থাই দ্বাৰা ভেৰিয়েণ্ট অৱ কনচাৰ্ণ হিচাপে চিহ্নিত কৰা নাই। ইতিমধ্যে ১১ খন দেশত ডেল্টা প্লাছৰ সৈতে জড়িত ঘটনা ৰিপৰ্ট কৰা হৈছে। কিন্তু, ডেল্টা প্লাছে অতিৰিক্ত বিপদৰ আশংকা কঢ়িয়াই আনিব নেকি বা অধিক সংক্ৰামক হ’ব নেকি, সেই কথাটো এতিয়াও পৰিষ্কাৰ হোৱা নাই।

নিজকে ক’ভিড-19 ৰ পৰা ৰক্ষা কৰক
২০১৯ চনত প্ৰথমবাৰৰ বাবে চিনাক্ত হোৱা ক'ভিড-19 ৰ ভাইৰাচ SARS-CoV-2 এ এতিয়া ইয়াৰ ৰূপ সলনি কৰি কেইবাটাও  উদ্বেগজনক প্ৰকাৰলৈ ৰূপান্তৰিত হৈছে। ভৱিষতেও, নতুন নতুন প্ৰকাৰ অহাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। গতিকে, এইবিলাকৰ পৰা সুৰক্ষিত হৈ থকাৰ অন্যতম উপায়সমূহ হৈছে:

1. ক’ভিড-19 ৰ ভেকচিন লওক।
2. আপুনি নিজকে আৰু আনক এই ৰোগৰ পৰা ৰক্ষা কৰিবৰ বাবে নাক আৰু মুখ ঢাক খোৱাকৈ মাস্ক পৰিধান কৰক।
3. জনসমাগম হোৱা স্থান পৰিহাৰ কৰক। 
4. শাৰীৰিক দুৰত্ব পালন কৰক, কমেও ৬ ফুট দুৰত্ব।
5. সঘনাই হাত চাবোনেৰ ভালদৰে ধুৱক। যদি চাবোন উপলব্ধ নহয়, হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰক।
6. পৰাপক্ষত ৰাজহুৱা স্থানত ডবল মাস্ক পৰিধান কৰক।
অধিক জানিবৰ বাবে ক্লিক কৰক

এই শৃংখলা ৰেডিঅ’ ব্ৰহ্মপুত্ৰ আৰু কুইণ্ট হিন্দীৰ যৌথ প্ৰচেষ্টাত আপোনাৰ বাবে আগবঢ়োৱা হৈছে। লিখনিটো ডি কুইণ্টৰ দ্বাৰা কৰা অনুসন্ধানৰ লগতে ৰেডিঅ’ ব্ৰহ্মপুত্ৰৰ দ্বাৰা কৰা নিজা অনুসন্ধানৰ ভিত্তিত আগবঢ়োৱা হৈছে।

Leave a Reply

Your email address will not be published.