ঋতুস্ৰাৱৰ সময়ত ক’ভিড ভেকচিন ল’লে সংক্ৰমণৰ আশংকা বৃদ্ধি হয় নেকি?

ঋতুস্ৰাৱৰ সময়ত ক’ভিড ভেকচিন ল’লে সংক্ৰমণৰ আশংকা বৃদ্ধি নহয়!

সামাজিক মাধ্যমৰ যোগেদি প্ৰচলন হোৱা এই বাৰ্তাটোৰ প্ৰকৃত তথ্য কি?

ছ’চিয়েল মিডিয়াত এখন ফটো ভাইৰেল হৈছে আৰু ইয়াত দাবী কৰা হৈছে যে ১৮ বছৰৰ অধিক বয়সৰ মহিলাসকলে ঋতুস্ৰাৱৰ ৫ দিন আগতে আৰু ৫ দিন পিছত ক’ভিড ভেকচিন ল’ব নালাগে। ই মহিলা এগৰাকীৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক প্ৰভাৱিত কৰিব পাৰে।

 

 

এই ভাইৰেল ফটোখন দাবী কৰা হৈছে যে ঋতুস্ৰাৱৰ সময়ত মহিলা এগৰাকীৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা যথেষ্ট হ্ৰাস পায়। সেয়েহে, মহিলাসকলে ঋতুস্ৰাৱৰ ৫ দিন আগতে আৰু ৫ দিন পিছলৈকে ভেকচিনটো ল’ব নালাগে।

বাৰ্তাটোত কোৱা হৈছে, ”ভেকচিনৰ পালি গ্ৰহণ কৰাৰ পিছত প্ৰথমে ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস হয়, তাৰ পিছত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়। সেয়েহে, ঋতুস্ৰাৱৰ সময়ত টিকাকৰণৰ ফলত সংক্ৰমণ হোৱাৰ আশংকা অধিক হয়।

 

 

 

এই বিষয়ে ভাৰতবৰ্ষৰ কেইবাজনো স্ত্ৰীৰোগ বিশেষজ্ঞই ইয়াক সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰিছিল।

ফৰ্টিছ লাফেমৰ এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞ ড. অঞ্জিলা আনেজাই ভাইৰেল বাৰ্তাটোত কৰা দাবীবোৰ ভুৱা বুলি অভিহিত কৰিছে।

“যদি আপুনি গৰ্ভধাৰণৰ পৰিকল্পনা কৰা নাই, আপুনি ঋতুস্ৰাৱৰ সময়ত, আগতে বা পিছত টিকাকৰণ কৰিব পাৰে আৰু ঋতুস্ৰাৱৰ বাবে টিকাকৰণ বন্ধ কৰিব নালাগে।“ ”

ইয়াৰ উপৰিও এছ.এল.ও.জি. চিকিৎসালয়ৰ পৰামৰ্শদাতা গাইনোকোলজিষ্ট ড. সুৱৰ্ণ ৰায়ে, এই দাবীবোৰক পৌৰাণিক কাহিনী বুলি অভিহিত কৰিছিল।

দাবী 2: ভেকচিনে ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰে

আইচিএমআৰৰ চেণ্টাৰ ফৰ এডভান্সড ৰিচাৰ্ছ ইন ভাইৰোলজীৰ মুৰব্বী ড০ জেকব টি জনৰ মতে এই দাবীটো সম্পূৰ্ণৰূপে মিছা।

“বিভিন্ন গৱেষণা অনুসৰি, ভেকচিনে আপোনাক এশ শতাংশ সুৰক্ষিত কৰিব নোৱাৰে, কিন্তু ই সংক্ৰমণৰ আশংকা হ্ৰাস কৰে। যদি এজন ব্যক্তিৰ সংক্ৰমণ হোৱা নাই। তেন্তে মানুহজনে ভেকচিন ল’লে ক’ভিড 19 সংক্ৰমণ হোৱাৰ আশংকা কম হয়। ভেকচিনৰ প্ৰথম পালি গ্ৰহণ কৰাৰ পিছত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস হোৱা বুলি কৰা দাবী সম্পূৰ্ণৰূপে ভুল। ”

ডাঃ জেকব টি জন, ভাইৰোলজীত আইচিএমআৰৰ উন্নত গৱেষণাৰ কেন্দ্ৰৰ প্ৰাক্তন মুৰব্বী।

 

বহুতো চিকিৎসকে টুইটাৰৰ জৰিয়তে বিভ্ৰান্তিকৰ দাবীটো অস্বীকাৰ কৰিছিল।

ডাঃ কাপাডিয়াৰ লগতে কেইবাজনো বিশেষজ্ঞই টুইট কৰি এই বিভ্ৰান্তিকৰ তথ্যৰ বিৰুদ্ধে সতৰ্ক কৰি দিছে।

ইতিমধ্যে সমগ্ৰ ভাৰতবৰ্ষত ক’ভিড ভেকচিন টীকাকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। বৰ্তমানলৈকে ২১ কোটীতকৈও অধিক লোকে ভেকচিনৰ প্ৰথম পালি পোৱাৰ লগতে চৰকাৰে ৪ কোটীতকৈও অধিক লোকে দ্বিতীয় পালি লৈছে। বৰ্তমানলৈকে ২৯ কোটীতকৈও অধিক লোকে ভেকচিনৰ বাবে নিজৰ নাম পঞ্জীয়ন কৰিছে। অসমত বৰ্তমানলৈকে ৫১ লাখ লোকে ভেকচিন লাভ কৰিছে।

লেখাটো যুগুতোৱা লৈকে, সমগ্ৰ ভাৰতবৰ্ষত ১০ কোটীতকৈও অধিক মহিলাই ভেকচিন লাভ কৰাৰ বিপৰীতে ৭ কোটীৰো অধিক (১৮-৪৪) বছৰৰ লোকে ভেকচিন গ্ৰহণ কৰিছে। অধিক জানিবৰ বাবে চাওক

ৰেডিঅ’ ব্ৰহ্মপুত্ৰৰ তৰফৰ পৰা অসম চিকিত্সা মহাবিদ্যালয়ৰ স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিভাগৰ চিকিত্সক ড. প্ৰণয় ফুকন ডাঙৰীয়াক ঋতুশ্ৰাবৰ সময়ত মহিলা এগৰাকীয়ে ভেকচিন ল’ব পাৰে নে নোৱাৰে। সেই বিষয়ে সোধাত ড. প্ৰণয় ফুকনে জনাই যে:

“মহিলা এগৰাকীৰ মাহেকীয়া এটা স্বাভাৱিক প্ৰক্ৰিয়া। মাহেকীয়া হৈ থকাৰ সময়ত মহিলাৰ শৰীৰত এনে কোনো অসুবিধা নহয় যে, ভেকচিন লৈ তেঁওৰ কিবা অসুবিধা হ’ব। ঋতুশ্ৰাব হৈ থকাটো মহিলাসকলৰ দৈনন্দিন জীৱনৰ এটা অংশই হয়। তাৰ কাৰণে ভেকচিনৰ কোনো কন্ট্ৰাইণ্ডিকেশ্বন নাই। তেঁওলোকে ধুনীয়াকৈ ভেকচিন ল’ব পাৰে।”

গতিকে স্পষ্টভাৱে, ঋতুস্ৰাৱৰ সময়ত বা তাৰ আগতে আৰু পিছত ক’ভিড ভেকচিন ল’লে ক’ভিড সংক্ৰমণৰ আশংকা বৃদ্ধি কৰে, এই কথাষাৰ মিছা।

অধিক জানিবৰ বাবে পঢ়ক

ঋতুস্ৰাৱৰ সময়ত ক’ভিড ভেকচিন ল’লে সংক্ৰমণৰ আশংকা বৃদ্ধি নহয়! সামাজিক মাধ্যমৰ যোগেদি প্ৰচলন হোৱা এই বাৰ্তাটোৰ প্ৰকৃত তথ্য কি? জানকীয়ে কি কয়? বিভিন্ন ভাষাত আমাৰ পডকাষ্ট সেৱা শুনিবৰ বাবে ক্লিক কৰক।

চাদ্ৰী (চাহবাগিচাৰ প্ৰচলিত ভাষা), মিচিং আৰু হাজং ভাষাত আমাৰ প’ডকাষ্ট শুনিবৰ বাবে ক্লিক কৰক।

এই শৃংখলা ৰেডিঅ’ ব্ৰহ্মপুত্ৰ আৰু কুইণ্ট হিন্দী যৌথ প্ৰচেষ্টাত আপোনাৰ বাবে আগবঢ়োৱা হৈছে। লিখনিটো ডি কুইণ্টৰ দ্বাৰা কৰা অনুসন্ধানৰ লগতে ৰেডিঅ’ ব্ৰহ্মপুত্ৰৰ দ্বাৰা কৰা নিজা অনুসন্ধানৰ ভিত্তিত আগবঢ়োৱা হৈছে।

 

One thought on “ঋতুস্ৰাৱৰ সময়ত ক’ভিড ভেকচিন ল’লে সংক্ৰমণৰ আশংকা বৃদ্ধি হয় নেকি?

Leave a Reply

Your email address will not be published.