Fact Check: সূৰ্যগ্ৰহণৰ বাবে কৰ’ণা ৰোগ বৃদ্ধি হ’ব বুলি দাবী কৰা বিভ্ৰান্তিকৰ ভিডিঅ’ৰ সত্যতা কি?

NKtv24X7 নামৰ এটা অসমীয়া নিউজ চেনেলৰ ছ’ছিয়েল মিডিয়াৰ পেজত বিগত ১০ জুন তাৰিখে এটা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছিল। য’ত গুৱাহাটীৰ এজন (প্ৰসিদ্ধ) জ্যোতিষী খগেশ্বৰ গোস্বামীয়ে সূৰ্য গ্ৰহণৰ ফলত অসমত ক’ৰণাৰ ব্যাপক ঢৌ দেখা দিব বুলি দাবী কৰা দেখা গৈছিল।

বিভ্ৰান্তিকৰ ভিডিঅ’ৰ সত্যতা কি? Image: Altered by Radio Brahmaputra

ভিডিঅ’টোৰ যোগেদি গোস্বামীয়ে অন্যান্য কেইবাটাও দাবী কৰা দেখা পোৱা গৈছে। ইয়াৰে ভিতৰত,

  • চলিত বছৰৰ ১ অক্টোবৰ পৰা ১০ নবেম্বৰলৈকে কৰ’ণা প্ৰভাৱ বৃদ্ধি পাব।
  • জ্যোতিষ গণনা অনুসৰি ২০২৩ চনৰ মে’ মাহলৈকে ক’ৰণাৰ প্ৰভাৱ অব্যাহত থাকিব।
  • গৰ্ভৱতী মহিলাসকলে সূৰ্যগ্ৰহণৰ সময়ত মাটিত নামিব নালাগে আৰু গ্ৰহণৰ আগত আৰু পিছত গা ধুব লাগে।

শ্ৰী গোস্বামীয়ে ভিডিঅ’টোত এনেধৰণৰ কেইবাটাও দাবী কৰা পৰিলক্ষিত হৈছে।

এই বিষয়ত কুইণ্টৰ তৰফৰ পৰা চিকিৎসকসকল ইয়াৰ সত্যতাৰ সন্দৰ্ভত সোধা হৈছিল।  চিকিৎসকসকলে এই দাবী অস্বীকাৰ কৰি কয় যে যে সূৰ্যগ্ৰহণৰ ফলত ভাইৰাচৰ প্ৰভাৱ বৃদ্ধি হোৱা নাছিল আৰু লগতে ই গৰ্ভৱতী মহিলাসকলক কোনোধৰণে প্ৰভাৱিত নকৰে।

গোস্বামীয়ে তেঁওৰ ভিডিঅ’টোত সূৰ্যগ্ৰহণৰ সময়ত কিছুমান বিজানু আৰু ভাইৰাচৰ সংক্ৰমণ বৃদ্ধি পাই বুলি দাবী কৰিছিল।

এই সন্দৰ্ভত ইণ্ডিয়ান চায়েণ্টিচ ৰেচপন্স টু ক’ভিড-19 (ISRC) ৰ বিজ্ঞানীসকলে যোৱা বছৰেই এইষাৰ কথা নাকচ কৰি কৈছিল যে ”সূৰ্যগ্ৰহণে পৃথিৱীৰ কোনো ভাইৰাচ বা অণুজীৱক প্ৰভাৱিত নকৰে।

Source: URL

সূৰ্যগ্ৰহণৰ সময়ত গৰ্ভৱতী মহিলাৰ বাবে কোনো শংকা থাকে নেকি?

সূৰ্যগ্ৰহণৰ সৈতে সম্পৰ্কিত বহুতো পৌৰাণিক কাহিনী আমি শুনিবলৈ পাও। এই পৌৰাণিক কাহিনীবিলাকৰ ভিতৰত সূৰ্যগ্ৰহণে গৰ্ভৱতী মহিলাৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব বুলি শুনা কথাষাৰো এক পৌৰাণিক কাহিনী মাত্ৰ।

FIT-ৰ দ্বাৰা নতুন দিল্লীস্থিত মেক্স হস্পিটেলৰ প্ৰসূতি আৰু স্ত্ৰীৰোগ বিভাগৰ মুৰব্বী ডাঃ অনুৰাধা কাপুৰৰ সৈতে হোৱা কথা-বাৰ্তাত ডাঃ কাপুৰে সূৰ্য গ্ৰহণৰ সময়ত গৰ্ভৱতী মহিলাৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰে বুলি কোৱা কথাষাৰক এক পৌৰাণিক কাহিনী বুলি অভিহিত কৰে। তেওঁ কয় যে গ্ৰহণে গৰ্ভৱতী মহিলাৰ ওপৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে।

তেঁও লগতে জনাই যে “সূৰ্যগ্ৰহণৰ বাবে গৰ্ভৱতী মহিলাৰ ওপৰত প্ৰভাৱ পৰে বুলি কৰা এই ধাৰণাটো ভাৰতবৰ্ষৰ গৰ্ভৱতী মহিলাসকলৰ মাজত খুব প্ৰচলিত। মই গৰ্ভৱতী মহিলাসকলক যিকোনো কথাত চিকিৎসকৰ ওচৰলৈ যাবলৈ পৰামৰ্শ দিওঁ। কোনো কাৰণতে সূৰ্যগ্ৰহণৰ সময়ত খোৱা বন্ধ কৰিব নালাগে। মহিলাগৰাকীয়ে নিজকে ডিহাইড্ৰেচন বা শৰীৰৰ পানী কম হৈ যোৱাৰ পৰা নিজকে সুৰক্ষিত কৰিব লাগিব। মহিলাগৰাকীয়ে দুৰ্বল অনুভৱ কৰিলে, আৰাম কৰক আৰু এনে অন্ধবিশ্বাসৰ ফান্দত কেতিয়াও নপৰিব। ”

ডাঃ অনুৰাধা কাপুৰ, প্ৰসূতি আৰু স্ত্ৰীৰোগ বিজ্ঞানৰ মুৰব্বী, মেক্স হস্পিটেল

তেওঁ লগতে কয় যে বহুতো মহিলা আমাৰ ওচৰলৈ পৰামৰ্শৰ বাবে আহে। আমি তেওঁলোকক স্বাস্থ্যৰ যত্ন ল’বলৈ আৰু উদ্বেগ হ্ৰাস কৰিবলৈ কওঁ।

গতিকে স্পষ্টকৈ, ক’ব পাৰি যে সূৰ্য গ্ৰহণৰ ফলত ক’ৰণা ৰোগ বৃদ্ধি হ’ব বা ইয়াৰ সৈতে কৰা অন্যান্য দাবীসমূহ অশুদ্ধ আৰু অবৈজ্ঞানিক।

অধিক জানিবৰ বাবে পঢ়ক

অৱশ্যে, কোনো ফিল্টাৰ নোহোৱা কেমেৰা লেন্স, টেলিস্কোপ বা আন কোনো অপ্টিকেল ডিভাইচৰ জৰিয়তে সূৰ্য চোৱাটো উচিত নহয়। যদি আপুনি সূৰ্যগ্ৰহণ চাব বিচাৰে, আপুনি সঠিক সৌৰ চচমা পৰিধান কৰিব লাগে।

এই শৃংখলা ৰেডিঅ’ ব্ৰহ্মপুত্ৰ আৰু কুইণ্ট হিন্দীৰ যৌথ প্ৰচেষ্টাত আপোনাৰ বাবে আগবঢ়োৱা হৈছে। লিখনিটো ডি কুইণ্টৰ দ্বাৰা কৰা অনুসন্ধানৰ ভিত্তিত ৰেডিঅ’ ব্ৰহ্মপুত্ৰৰ আপোনাৰ বাবে সজাই অনা হৈছে।

Leave a Reply

Your email address will not be published.