ক’ভিড-19: ইয়াৰ পৰা সুৰক্ষা আৰু ডবল মাস্ক

ডবল মাস্ক বা দুখন মাস্ক কেনেদৰে পিন্ধিব ভিডিঅ’টোত চাওক

ক’ভিড-19-ৰ বিৰুদ্ধে এই যুঁজখনত আপোনাৰ বাবে এপাত ডাঙৰ অস্ত্ৰ হৈছে, আপোনাৰ মুখত পিন্ধা মাস্কখন। ইতিমধ্যে প্ৰায় মানুহৰ মাস্ক পিন্ধাটো অভ্যাসত পৰিণত হৈছে। ক’ভিডৰ প্ৰথম ঢৌৰ পৰা আপুনি এখন মাস্ক পিন্ধি আহিছিলো। কিন্তু, দ্বিতীয় ঢৌৰ লগে লগে স্বাস্থ্য বিশেষজ্ঞসকলে দুখনকৈ ফেচ মাস্ক ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰিছে আৰু, মানুহৰ মাজত “ডাবল মাস্কিং” বুলি জনপ্ৰিয় হৈছে।

ক’ভিড ৰোগটো বিয়পোৱা ভাইৰাচৰ সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱাৰ লগে লগে, ইয়াক বাধা দিব পৰা বস্তুবিলাক অধিক শক্তিশালী কৰি তোলাৰ প্ৰয়োজন আহি পৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰৰ (চিডিচি) অধ্যয়নত দেখা গৈছে যে কাপোৰ আৰু চাৰ্জিকেল মাস্ক একেলগে পৰিধন কৰিলে, দুষিত বায়ু চলাচলক প্ৰতিহত কৰিব পাৰে আৰু মুখমণ্ডলত ই ভালদৰে খাপ খাব পাৰে।

কিন্তু, কেৱল মাস্ক পৰিধান কৰিলেই, আপুনি ক’ভিড-19 ৰ ভাইৰাচক আপোনাক নাক আৰু মুখেদি আপোনাৰ শৰীৰত প্ৰৱেশ কৰাত বাধা দিব নোৱাৰে। এই ক্ষেত্ৰত মন কৰিবলগীয়া কথা হৈছে – আপুনি কেনেধৰণৰ মাস্ক পৰিধান কৰিছে আৰু সেই মাস্ক কেনেদৰে পৰিধান কৰিছে। তাৰ ওপৰত নিৰ্ভৰ কৰিব।

মাস্ক পৰিধান কৰাৰ ক্ষেত্ৰত দুটা কথাত মন কৰিব লাগে

প্ৰথম কথা, আপোনাৰ মাস্কখন, আপোনাৰ মুখমণ্ডলৰ সৈতে ভালদৰে খাপ খাই পৰিব লাগিব। আপোনাৰ মাস্কখনৰ কাষত থকা ফাকবোৰেদি, উশাহ-নিশাহত নিৰ্গত হোৱা ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাবিলাক উলাব বা সোমাব পাৰে।

উশাহ-নিশাহত, আপোনাৰ মুখৰ বা নাকৰ পৰা নিৰ্গত হোৱা ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাবিলাক যাতে উলাই যাব নোৱাৰে বা বাহিৰৰ পৰা আপোনাৰ মুখত বা নাকত সোমাব নোৱাৰে, তাৰ বাবে কেইবাটাও স্তৰৰ মাস্ক পৰিধান কৰক।

মাস্ক পৰিধান কাৰোতে মনত ৰাখক
  • নাকৰ অংশত ধাতুৰ ষ্ট্ৰিপ থকা মাস্ক ব্যৱহাৰ কৰক।
  • নাকৰ অংশত ধাতুৰ ষ্ট্ৰিপ থকা মাস্কে, মাস্কখনৰ ওপৰৰ পৰা বায়ু নিৰ্গত হোৱাত বাধা দিয়ে।
  • আপোনাৰ মুখখনৰ সৈতে মাস্কখন খাপ খাই পৰিবৰ বাবে ধাতুৰ ষ্ট্ৰিপডাল হেঁচা মাৰি দিয়ক।
  • মাস্কখন পিন্ধাৰ পিছত পৰীক্ষা কৰক।
  • মাস্কখনৰ চাৰিওকাষে হাতখন ফুৰাই, বতাহ নিৰ্গত হৈছে নেকি পৰীক্ষা কৰি চাওক।
  • আপোনাৰ চকুৰ তলত থকা মাস্কৰ অংশটোৱেদি বা মাস্কৰ কাষেদি বতাহ চলাচল যাতে হোৱা নাই, তাক নিশ্চিত কৰক।
দুখন মাস্ক পৰিধান কৰক
  • কেইবাটাও লেয়াৰ থকা এখন কাপোৰৰ মাস্ক লওক আৰু লগতে এখন ডিচপজিবল বা চাৰ্জিকেল মাস্ক লওক।
  • এতিয়া চাৰ্জিকেল মাস্কখনৰ ৰচি দুডালৰ কোণ দুটা (মাস্কখনৰ ফালে থকা কোণ দুটা) ভালদৰে গাঁথি দি, ইয়াৰ কোণ দুটা ভিতৰলৈ সুমুৱাই দিয়ক।
  • চাৰ্জিকেল মাস্কখন পিন্ধাৰ পিছত, তাৰ ওপৰত আপোনাৰ কাপোৰৰ মাস্কখন পৰিধান কৰক।
বি.দ্ৰ: এই লেখাটিত উল্লেখ কৰা তথ্যসমূহ কেৱল সজাগতাৰ উদ্দেশ্য প্ৰকাশ কৰা হৈছে। ইয়াক চিকিৎসাৰ বিকল্প ৰূপে প্ৰকাশ কৰা হোৱা নাই। যিকোনো ক’ভিড চিকিৎসা বা ভেকচিনৰ সম্পৰ্কে অধিক জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক। 
সম্পাদনা: ভাস্কৰ জ্যোতি ভুঞা

Leave a Reply

Your email address will not be published.