সাবিত্ৰী আৰু মঙ্গলৰ এক মাত্ৰ সন্তান সুৰজৰ অত্যাধিক ম’বাইলৰ ব্যৱহাৰে কিয় তাক হস্পিতালত ভৰ্তি হ’বলৈ বাধ্য কৰালে?

ৰেডিঅ’ ব্ৰহ্মপুত্ৰ আৰু কথা ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰযোজিত চাহ জনগোষ্ঠীয় কথিত ভাষা চাদ্ৰী ভাষাৰ অনুষ্ঠান বিঙ্গল বাজিল

ম’বাইলৰ ব্যৱহাৰ আৰু ইয়াৰ অপব্যৱহাৰ

ম’বাইলৰ ব্যৱহাৰে কেনেদৰে চাহ-বাগিচা অঞ্চলৰ কিছু ছাত্ৰ-ছাত্ৰীক প্ৰভাৱিত কৰিছে। ইয়াৰ ভিত্তিতে ৰেডিঅ’ ব্ৰহ্মপুত্ৰৰ সামুদায়িক প্ৰতিবেদক ৰুমী নায়কৰ দ্বাৰা চাহ-বাগিচাৰ চাদ্ৰী ভাষাত প্ৰস্তুত কৰা আমাৰ শেহতীয়া প’ডকাষ্ট বিঙ্গল বাজিল। এই অনুষ্ঠানত অসম চিকিত্সা মহাবিদ্যলয়ৰ মানসিক ৰোগ বিভাগৰ সহযোগী অধ্যাপক ডা: ধ্ৰুৱজ্যোতি ভুঞাৰ ম’বাইল ব্যৱহাৰৰ ওপৰত মতামত শুনাৰ লগতে চাহ-বাগিচা অঞ্চলৰ শিশু আৰু কিশোৰ-কিশোৰীসকলৰ লগতে অভিভাৱকৰ ম’বাইল ব্যৱহাৰৰ ওপৰত মতামত আপোনালৈ আগবঢ়াইছো।

ম’বাইল ফোনে বিগত ১৫ বছৰত মানুহৰ জীৱনকলৈ বৈপ্লৱিক পৰিৱৰ্তন আনিছে। ম’বাইল ফোনৰ জৰিয়তে দূৰ-দূৰণিলৈ থকা লোকৰ সৈতে যোগাযোগ কৰা, বিভিন্ন ধৰণৰ বা-বাতৰি, অডিঅ’-ভিডিঅ’ সমল তাত্ক্ষণিকভাৱে লাভ কৰাৰ লগতে, অন্যান্য সুবিধাসমূহে ম’বাইল ফোনৰ ব্যৱহাৰত এক অনন্য মাত্ৰা প্ৰদান কৰিছে।

ইয়াৰ ব্যৱহাৰে যেনেদৰে মানুহক কাষ চপাই আনিছে। ঠিক একেদৰে ইয়াৰ অপব্যৱহাৰেও মানুহৰ মাজলৈ জটিলতা নমাই আনিছে। ক’ভিড-19 মহামাৰীৰ লগে লগে আৰম্ভ হোৱা ল’কডাউন আৰু বিদ্যালয়সমূহ বন্ধ হৈ পৰাৰ লগে লগে অনলাইন শিক্ষা ব্যৱস্থাই এক নতুন মাত্ৰা লাভ কৰে। সমাজৰ প্ৰতিটো পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ম’বাইল অতি অত্যাবশ্যকীয় বস্তু হিচাপে পৰিগণিত হয়।

ম’বাইলৰ ব্যৱহাৰৰ বিষয়ে সঠিক জ্ঞান নথকাকৈয়ে বহু ছাত্ৰ-ছাত্ৰী ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব লগা হৈ পৰে। বিভিন্নজন ছাত্ৰ-ছাত্ৰীয়ে যদি ইয়াক সদ ব্যৱহাৰ কৰি আহিছে, অন্য কিছুৱে কিন্তু ইয়াৰ সঠিক ব্যৱহাৰ নকৰি, বিভিন্ন গেইম, ভিডিঅ’ আৰু ছ’ছিয়েল মিডীয়াৰ ব্যৱহাৰৰ বাবে ম’বাইলটো ব্যৱহাৰ কৰি আহিছে। ইয়াৰ লগে লগে কণ কণ ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি কিশোৰ-কিশোৰী, যুৱক-যুৱতীলৈকে বিভিন্ন ধৰণৰ বদ অভ্যাসৰ বসবৰ্তী হৈছে।

Leave a Reply

Your email address will not be published.