গ্ৰীষ্মকালীন শিশু কৰ্মশালা: মাইজান চাহবাগিচা

চাহ-বাগিচা অঞ্চলসমূহৰ শিশু আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক আৰু মানসিক বিকাশৰ উদ্দেশ্যে, ৰেডিঅ’ ব্ৰহ্মপুত্ৰৰ দ্বাৰা গ্ৰীষ্মকালীন শিশু কৰ্মশালাৰ আয়োজন

চাহ-বাগিচা অঞ্চলসমূহৰ শিশু আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক আৰু মানসিক বিকাশৰ উদ্দেশ্যে, ৰেডিঅ’ ব্ৰহ্মপুত্ৰৰ দ্বাৰা, অসম চাহ-মজদুৰ সংঘ আৰু বাগিচা কৰ্তৃপক্ষৰ সহযোগত ২০২৩ চনৰ ১১ জুলাইৰ পৰা ১৬ জুলাই তাৰিখলৈকে ৬ টা দিন সামৰি এক গ্ৰীষ্মকালীন শিশু কৰ্মশালা আয়োজন কৰা হয়। 

উক্ত, কৰ্মশালাত মাইজান আৰু গ্ৰীণউড চাহ-বাগিচাৰ শিশু আৰু ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰি, ৰেডিঅ’ নাটক প্ৰস্তুতি, শিশুসকলৰ বাবে যোগ, চিত্ৰাংকন, আকস্মিক বক্তৃতা, কবিতা পাঠ, গীত-মাত, কুইজ আৰু শিশুসকলৰ সুৰক্ষাৰ বিষয়সমূহত অংশগ্ৰহণ কৰে।

কৰ্মশালাত ডিব্ৰুগড়ৰ বিশিষ্ট যোগ প্ৰশিক্ষক শ্ৰীযুত নিৰ্মল কুমাৰ দেৱে অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীসকলক যোগৰ প্ৰাথমিক জ্ঞান প্ৰদান কৰাৰ লগতে ম’না আৰ্ট কেন্দ্ৰৰ প্ৰশিক্ষক ৰাতুল সন্ধিকৈয়ে চিত্ৰ অংকনৰ প্ৰশিক্ষণ প্ৰদান কৰে। চাহ-বাগিচা অঞ্চলৰে যুৱ গায়ক বিমল ভক্তাই দুটা দিন উপস্থিত থাকি, শিশুসকলক সংগীতৰ প্ৰশিক্ষণ প্ৰদান কৰে। ইয়াৰ লগতে নাট্যকৰ্মী শ্ৰীযুত নিলীম চেতিয়াই নাটকৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে ৰেডিঅ’ ব্ৰহ্মপুত্ৰৰ কৰ্মকৰ্তা ৰুমী নায়ক আৰু পিংকু গোঁহাইয়ে শিশুসকলক ৰেডিঅ’ নাটক প্ৰস্তুতিৰ প্ৰশিক্ষণ প্ৰদান কৰে। ইয়াৰ আলমতে, ছাত্ৰ-ছাত্ৰীসকলে অতি কম সময়ৰ ভিতৰতে চাৰিখনকৈ ৰেডিঅ’ নাটক প্ৰস্তুত কৰে আৰু পৰবৰ্তী সময়ত ৰেডিঅ’ ব্ৰহ্মপুত্ৰৰ যোগেদি ইয়াক প্ৰচাৰ কৰা হয়।     


Footer