বাঁহ আমাৰ সাহ: পৌৰাণিক কালৰ পৰা বিজ্ঞান-প্ৰযুক্তিলৈকে

আপুনি সচৰাচৰ দেখি অহা বাঁহজোপা নো কি? বাঁহে আমাৰ সভ্যতা, সংস্কৃতি, জীৱনশৈলী, আমাৰ সমাজ আৰু অৰ্থনীতিক কেনেদৰে প্ৰভাৱিত কৰিছে।

বাঁহ! অসমীয়া সমাজ জীৱনৰ বাবে এটা এৰাব নোৱাৰা শব্দ! বাঁহে আমাৰ সমাজ জীৱনক সমৃদ্ধ কৰি তোলাৰ লগতে ই আমাৰ বাবে এক অপৰিহাৰ্য সম্পদ হিচাপেও বিবেচিত হৈ আহিছে। ঘৰৰ মুখৰ নঙলাডালৰ পৰা, হালোৱা এঁচাৰি ডাললৈকে আমাৰ দৈনন্দিন গ্ৰাম্য জীৱনৰ প্ৰতিটো পদক্ষেপতে বাঁহে আমাক সমৃদ্ধ কৰি আহিছে।

পৌৰাণিক কালৰ পৰা আজিৰ এই বিজ্ঞান-প্ৰযুক্তিৰ দিনলৈকে বাঁহে যুগ যুগ ধৰি আমাৰ ব্যক্তিগত আৰু সমাজ জীৱনত প্ৰভাৱ সৃষ্টি কৰি আহিছে। বাঁহক বাদ দি আমাৰ গ্ৰাম্য-জীৱনৰ কল্পনা কৰাটো একেবাৰে অসম্ভৱ আৰু অকল্পনীয়। পুৰাণৰ পৰা ডাক-বচনলৈকে বাঁহে আমাৰ ইতিহাস, কৃষ্টি-সংস্কৃতি সকলোতে এক অতি গুৰুত্বপূৰ্ণ স্থান লাভ কৰি আহিছে। 

পুৰাণত উল্লেখ থকা আখ্যান অনুসৰি ঋষি কণ্যা মুৰলাই স্বামীৰ প্ৰতাৰণাৰ প্ৰতিশোধ ৰূপে নিজে নিজৰ চিতা সাঁজি জ্বলন্ত চিতাত বিষ্ণুক বন্দনা কৰি জাপ দিয়ে আৰু ইয়াৰ পিছতেই বিষ্ণুৱে মুৰলাইৰ ভক্তিত সন্তুষ্ট হৈ তাৰ পৰাই বাঁহৰ উত্পত্তি কৰে। এইয়া বাঁহকলৈ চলি অহা এক পৌৰাণিক বিশ্বাস। ঠিক একেদৰে ডাকৰ বচনতো বাঁহৰ গুত্বতাৰ কথা উল্লেখ আছে। ডাকৰ বচনত কোৱা হৈছে - “পূবে হাঁহ, পশ্চিমে বাঁহ, উত্তৰে গুৱা, দক্ষিণে ধুৱা। বা,  যাৰ নাই বাঁহ, তাৰ নাই সাহ”।

সঁচাই বাঁহ হৈছে –আমাৰ বাবে সাহ বা সাহস।বাঁহৰ অবিহনে আমি আমাৰ সমাজ জীৱন কল্পনা কৰাটোৱে অকল্পনীয়। এই একবিংশ শতিকাত বাঁহক “এক আশ্চৰ্যকৰ গছ” হিচাপে বিবেচনা কৰা হৈছে। কাৰণ বাঁহে কেৱল মাত্ৰ গ্ৰাম্য জীৱনৰ চাহিদা পুৰণ কৰাই নহয়, অতি সম্প্ৰতি বাঁহে আধুনিক জীৱন যাত্ৰাতো গুৰুতৰ প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিছে। আমাৰ বাৰীৰ চুকৰ বাঁহজোপাই এতিয়া বিশ্বমুখী যাত্ৰা আৰম্ভ কৰিছে।

কিন্তু, আপুনি দেখি অহা এই বাঁহজোপানো কি? বাঁহ হৈছে এবিধ ঘাঁহজাতীয় উদ্ভিদ আৰু বাঁহ পৃথিবীৰ সকলো উদ্ভিদৰ ভিতৰত সকলোতকৈ খৰকৈ বাঢ়ি যোৱা উদ্ভিদ।উপযুক্ত পৰিবেশ আৰু বয়সত এডাল বাঁহ প্ৰায় 130 ফুট পৰ্যন্ত ওখ হয় আৰু ইয়াৰ ওজন লো বা লোহাতকৈও বেছি হয়।

আপুনি জানি ভাল পাব, সমগ্ৰ বিশ্বতে, প্ৰায় 70 টা জাতি আৰু 1450 টা প্রজাতিৰ বাঁহ পোৱা যায় আৰু অসমত ইয়াৰে প্ৰায় 34 টা প্ৰজাতিৰ বাঁহ পোৱা যায়। যদি আমি সমগ্ৰ বিশ্বৰ তথ্য চাও – তেতিয়া দেখা পাম যে বাঁহ উত্পাদনৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বৰ ভিতৰতে ভাৰতrৰ স্থান প্ৰথম আৰু ভাৰতৰ পিছতে চীন বাঁহ উত্পাদনত দ্বিতীয় স্থানত আছে। ভাৰতৰ সমগ্ৰ বনাঞ্চলৰ প্ৰায় 11.4 মিলিয়ন হেক্টৰ মাটি বাঁহেৰেই আবৰি আছে আৰু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত প্ৰায় 38 হাজাৰ বৰ্গ কিলোমিটাৰ মাটিকালিত বাঁহ গছেৰে আবৰি আছে।

বাঁহ গাজটোৰ পৰা বাঁহ গছডাল আৰু ইয়াৰ জেংডাললৈকে প্ৰায় সকলো অংশই আমাৰ কামত আহে।  আজিৰ পৰা ৪০০০ বছৰ পূৰ্বৰ পৰাই মানুহে বাঁহ-গাজ ভক্ষণ কৰি আহিছে ৷ চীনদেশৰ টাং সাম্ৰাজ্যৰ সময়ত বাঁহ-গাজৰ উপকাৰিতা পোন প্ৰথমবাৰৰ বাবে লিপিবদ্ধ কৰা হৈছিল ৷ জাপানত অতীজৰ পৰা বাঁহ-গাজক 'বনৰ পাচলিৰ ৰজা' আখ্যা দি অহা হৈছে ৷ বাঁহ গাজৰ তৰকাৰিয়ে মানুহৰ জীৱনী শক্তি বৃদ্ধি কৰে বুলি জাপানীসকলে বিশ্বাস কৰে আৰু সেয়ে প্ৰতি সাঁজ খাদ্যৰ লগত অন্ততঃ এটুকুৰা হ'লেও বাঁহগাজ তেওঁলোকৰ নিয়মীয়া খাদ্য তালিকাৰ অন্তৰ্ভুক্ত কৰে।

বিশ্ব বেংকৰ এক তথ্য অনুসৰি ভাৰতত প্ৰতি এজন লোকে প্ৰতি বছৰে প্ৰায় 2000 কিলোগ্ৰাম কাৰ্বনডাই অক্সাইড বায়ুমণ্ডললৈ এৰি দিয়ে আৰু এডাল বাঁহে প্ৰতি বছৰে প্ৰায় 400 কিলোগ্ৰাম কাৰ্বনডাই অক্সাইড বায়ুমণ্ডলৰ পৰা শুহি লয়। গতিকে, আমি এজন লোকে যদি পাঁচডাল বাঁহ ৰোপন কৰো, তেতিয়া আমি আমাৰ দেশখনক কাৰ্বন নিউট্ৰেল কৰি ৰাখিব পাৰো। 

ইয়াৰ বাহিৰেও, এজোপা বাঁহ গছৰ মুঢ়া বা শিপাবিলাক মাটিৰ ওপৰৰ ভাগতে বেছিকৈ মেল খাই যায়। গতিকে, মাটিৰ ওপৰৰ ভাগটো বাঁহৰ মুঢ়া আৰু শিপাবিলাকে ধৰি ৰাখি পানীৰ প্ৰবাহ কম কৰি ৰাখে আৰু ইয়াৰ ফলত বানপানীৰ পৰা খহনীয়া হোৱাৰ আশংকাও বহু পৰিমাণে কম হৈ যায়।  গতিকে বাঁহক আমি জেউৰা, জপনা, পাঁচি, খৰাহিতে সীমাবদ্ধ নাৰাখি, জলবায়ুৰ তাৰতম্যতা ৰক্ষাৰ ক্ষেত্ৰতো বাঁহে কি ভূমিকা পালন কৰি আহিছে জানিলো। 

সমগ্ৰ বিশ্বতে ঔদ্যোগিক বিপ্লব আৰম্ভ হোৱাৰ লগে লগে বাঁহে উদ্যোগ জগতখন এক বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। কাগজ, ঘৰ নিৰ্মাণ, ঔষধ প্ৰস্তুত কৰা উদ্যোগ,  ধুপকাঠি, হস্তশিল্প, ফাৰ্নিচাৰ, আ-অলংকাৰৰ দৰে বিভিন্ন উদ্যোগবিলাকৰ বাবে বাঁহ এক অভিন্ন কেঁচা-সামগ্ৰী ৰূপে বিবেচিত হৈছে। বৰ্তমান বাঁহৰ পৰাই প্ৰায় বাৰ হাজাৰ বিভিন্ন বস্তু নিৰ্মাণ কৰা হৈছে। 

যদিও বাঁহক লৈ গঢ়ি উঠা বিভিন্ন উদ্যোগসমূহ সংগঠিত ৰূপত গঢ়লৈ উঠিব পৰা নাই, তথাপিতো প্ৰায় 80 লাখ লোক বাঁহৰ পৰা উত্পাদিত সামগ্ৰী নিৰ্মাণ, বিক্ৰী আদিৰ সৈতে জড়িত হৈ আছে আৰু আজিৰ দিনত ভাৰতবৰ্ষত প্ৰতি বছৰে প্ৰায় 2400 কোটী টকাৰ ব্যৱসায় বাঁহকলৈ কৰি থকা হৈছে। 

গতিকে, উদ্যোগিক খণ্ডৰ বিকাশৰ লগে লগে উত্তৰ-পূৰ্বাঞ্চলৰ বাবেও বাঁহে প্ৰচুৰ সম্ভাৱনা কঢ়িয়াই আনিছে। আছিয়ান দেশসমূহৰ লগতে হোৱা নতুন বাণিজ্যিক চুক্তি আৰু পূবলৈ চোৱা নীতিৰ ফলত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বাঁহ উদ্যোগে আৰু অধিক ক্ষিপ্ৰতা লাভ কৰাৰ সম্ভাৱনা আছে। 

বাঁহ উদ্যোগে ঠন ধৰি উঠাৰ লগে লগে – দৰিদ্ৰতা দুৰ কৰা, লিংগ বৈষমতা দূৰ কৰা, সন্মানজনকভাৱে উপাৰ্জন কৰা, নতুন নতুন উদ্যোগ গঢ় লৈ উঠা, বুনিয়াদী ব্যৱস্থাসমূহ সৱল কৰা, দায়বদ্ধতাৰে উত্পাদন আৰু উপভোগ কৰা, জলবায়ুৰ সৈতে সমতা ৰক্ষা কৰি আৰু আপুনি আপোনাৰ লক্ষ্যসমূহ প্ৰাপ্ত কৰাত আপোনাক সহায় কৰিব।

বাঁহে আমাৰ সভ্যতা, সংস্কৃতি, জীৱনশৈলী, আমাৰ সমাজ আৰু অৰ্থনীতিক কেনেদৰে প্ৰভাৱিত কৰিছে বা বাঁহক আমি কেনেদৰে সেউজীয়া সোণ ৰূপে গ্ৰহণ কৰিব পাৰো। সবিশেষ জানিবলৈ তলৰ প’ডকাষ্ট ছিৰিজটো শুনিবলৈ অনুৰোধ জনালো।

Baah Amar Haah_Bamboo Ep 1.mp3 বাঁহ আমাৰ সাহ – এই ৰেডিঅ’ শৃংখলাটো কমনৱেলথ এডুকেশ্বনেল মিডিয়া চেণ্টাৰ ফৰ এচিয়া, ফাউণ্ডেচন ফৰ এম.এচ.এম.ই ক্লাষ্টাৰৰ সহযোগত বাঁহ শিল্পৰ সৈতে জড়িত বিভিন্ন বিষয়সমূহক সামৰি বাঁহে গ্ৰাম্য অৰ্থনীতিৰ লগতে এক বহনক্ষম উন্নয়নৰ বাহক ৰূপে কাম কৰিব পাৰে, তাৰেই সজাগতাৰ উদ্দেশ্যে প্ৰস্তুত কৰা হৈছে।

Footer